Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:23 pm

Home » আঞ্চলিক » অসম » আৰ এছ এছ তথা বিজেপিৰ গেৰুৱা সাংবাদিকতাৰ প্ৰভাৱে অসমক অশান্ত কৰি তুলিছে, পপুলাৰ ফ্ৰণ্ট

আৰ এছ এছ তথা বিজেপিৰ গেৰুৱা সাংবাদিকতাৰ প্ৰভাৱে অসমক অশান্ত কৰি তুলিছে, পপুলাৰ ফ্ৰণ্ট

বৰপেটাৰোডঃ পপুলাৰ ফ্ৰণ্টৰ ৰাজ্যিক সভাপতি আবুশ্বামা আহমেদে এক বিবৃতিযোগে কয় যে সংগঠনটোৰ বিৰোধিতা কৰি ও ছিপাঝাৰৰ উচ্ছেদৰ ঘটনাত জৰিত থকাৰ অভিযোগ তুলি আজি একাংশ পত্ৰিকাত বাতৰি প্ৰকাশিত হৈছে।বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই উল্লেখ কৰা শ্ৰুতলিপিসমূহ প্ৰকাশৰ আগত সাংবাদিকতাৰ নীতি অনুযায়ী এই কথাবিলাকৰ সত্যতা জানি প্ৰকাশ কৰাৰ প্ৰয়োজন আছিল। সি যিকিয়ে নহওক এয়া আমাৰ বাবে কোনো 
নতুন কথা নহয়, পুৰণা ৰেকৰ্ডিংখিনিয়েই নতুনকৈ বজাই থকা হৈছে। কেৱল ইয়াত নতুন সংযোজন ৰাষ্ট্ৰবিৰোধী কাৰ্যৰ বাবে সাত কোটি টকা সংগ্ৰহ আৰু ছিপাঝাৰৰ ঘটনাৰ লগত জৰিত থকাৰ অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । ইয়াক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাত জৰিত থকাৰ কোনো প্ৰমাণ থাকিলে ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান জনাইছোঁ। অৱশ্যে আমি এই ক্ষেত্ৰত সুখী যে বিজেপিৰ মুখপাত্ৰ আৰু একাংশ সংবাদ মাধ্যমে আমাৰ সংগঠনৰ প্ৰচাৰ কাৰ্যত জৰিত হৈছে । সংগঠনটোৰ বিৰুদ্ধে বাতৰি পৰিবেশন কৰাৰ বিষয়টোত আমি আচৰিত হোৱা নাই। আমি জ্ঞাত যে বিজেপিৰ অপ শাসনৰ বিৰুদ্ধে গোটেই ভাৰতবৰ্ষত বলিষ্ঠভাৱে আপোচবিহীন প্ৰতিবাদ কৰি আহিছোঁ আৰু ইয়াৰ বাবেই চৰকাৰী সকলো যন্ত্ৰ আমাৰ সংগঠনৰ বিৰুদ্ধে তথ্য সংগ্ৰহ কৰাৰ লগতে বিভিন্ন হাৰাশাস্তি কৰিবলৈ লগাই দিয়া হৈছে। তথাপি পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়া ন্যায়ৰ পথৰ পৰা কোনো পধ্যেই বিচলিত হোৱা নাই আৰু নহয়। উচ্ছেদৰ নামত ছিপাঝাৰত অসম পুলিচৰ দ্বাৰা সংগঠিত কৰা বৰ্বৰ হত্যা কাণ্ডৰ বিৰুদ্ধে ভাৰতব্যাপী গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছে আমাৰ সংগঠনে।
বাতৰিত উল্লেখিত অভিযোগ সমূহ তেনেই তৰল,আপোনালোকক সুঁৱৰাই দিওঁ যে এন আই এ, এনফোৰ্চমেণ্ট ডাইৰেক্টৰ আদি চৰকাৰী যন্ত্ৰই ইয়াৰ আগতে কেবাবাৰো পপুলাৰ ফ্ৰণ্টৰ বিৰুদ্ধে অভিযোগ উত্থাপিত কৰি মুখ থেকেচা খাইছে, আমাৰ কাৰ্যালয় সমূহত অভিযান চলাইও প্ৰমাণ কৰিবলৈ সক্ষম হোৱা নাই।এওঁলোকে পাহৰিছে যে ভাৰতৰ স্বাধীনতা আমাৰ পূৰ্বপুৰুষৰ তেজৰ বিনিময়ত হৈছে।দেশ বিৰোধী কাৰ্য্য কলাপত আৰ এছ এছ ৰ দৰে ইংৰাজৰ ভৰিচেলেকা কেইজনহে লিপ্ত হোৱাৰ অৱকাশ আছে। আমাৰ আন্দোলন-অন্যায়ৰ বিৰুদ্ধে যুজঁ দিয়া, নিপীড়িত জনতাক ন্যায় দিয়া আৰু ভাৰতীয় হিচাপে আত্মসন্মানেৰে জীয়াই থকাৰ সাহস দিয়া। এই কাম নিশ্চিতভাৱে চলাই যাম।
তদুপৰি নতুনকৈ বিজেপিয়ে চৰকাৰ গঠন কৰাৰ পিছত অসমৰ উন্নয়নৰ স্বাৰ্থত দিয়া প্ৰতিশ্ৰুতিসমূহ বাস্তৱায়িত কৰাৰ কোনো পদ্ধতি চৰকাৰৰ হাতত নাই।প্ৰতিটো প্ৰতিশ্ৰুতি মিছা বুলি প্ৰমাণ হৈ আছে।চৰকাৰৰ বিফলতাক ঢাকিবলৈ ধৰ্মীয় মেৰুকৰণৰ নিচিনা নিকৃষ্ট পথ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাছি লৈছে। বহুবল্কী মুখ্যমন্ত্ৰীজন আৰ এছ এছ ৰ প্ৰিয় পাত্ৰ হোৱাৰ স্বাৰ্থত অধিক হিন্দুত্ব হবলৈ বৰ্তমান দিশবিহীন হৈছে।
চৰকাৰৰ এই বিফলতা সমূহ ঢাকিবলৈ একাংশ সংবাদ মাধ্যমে সহায় কৰি আছে।গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা সংবাদ মাধ্যমৰ এনে পক্ষপাতিত্বমূলক ভূমিকাক আমি গৰিহণা দিছোঁ।লক্ষণীয় যে গৰাখহনীয়াত সৰ্বস্বান্ত হোৱা লোকসকলক বাৰে বাৰে প্ৰতিটো সংবাদ মাধ্যমে অবৈধ বেদখলকাৰী আখ্যা দি আহিছে য’ত অন্ন বস্ত্ৰ আৰু বাসস্থান ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰ।অসহায় লোকসকলৰ বাবেও আজি একাংশ সংবাদ মাধ্যমে পক্ষপাতিত্বমূলক বাতৰি পৰিবেশন কৰি বিদেশী সজোৱাত ব্যস্ত।সংবাদ মাধ্যমৰ এই কামবোৰ আৰ এছ এছ ৰ হিন্দু ৰাষ্ট্ৰ গঢ়াৰ প্ৰচেষ্টাক সফল কৰাৰ দৰাচলতে সু-সংগঠিত আৰু সংঘবদ্ধ পদ্ধতি। এই কু অভিসন্ধিৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিছোঁ লগতে অন্যায়ৰ বিৰুদ্ধে নিৰপেক্ষতাৰে বাতৰি পৰিবেশনৰ আহ্বান জনাইছোঁ। অসমবাসীলৈ আমাৰ আহ্বান “আপোনালোকে গেৰুৱা সাংবাদিকতাৰে প্ৰভাৱিত নহব,তেতিয়াহে অসম সম্প্ৰীতিৰ মিলনভূমি হৈ থাকিব।”

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি