আৰ এছ এছ তথা বিজেপিৰ গেৰুৱা সাংবাদিকতাৰ প্ৰভাৱে অসমক অশান্ত কৰি তুলিছে, পপুলাৰ ফ্ৰণ্ট
বৰপেটাৰোডঃ পপুলাৰ ফ্ৰণ্টৰ ৰাজ্যিক সভাপতি আবুশ্বামা আহমেদে এক বিবৃতিযোগে কয় যে সংগঠনটোৰ বিৰোধিতা কৰি ও ছিপাঝাৰৰ উচ্ছেদৰ ঘটনাত জৰিত থকাৰ অভিযোগ তুলি আজি একাংশ পত্ৰিকাত বাতৰি প্ৰকাশিত হৈছে।বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই উল্লেখ কৰা শ্ৰুতলিপিসমূহ প্ৰকাশৰ আগত সাংবাদিকতাৰ নীতি অনুযায়ী এই কথাবিলাকৰ সত্যতা জানি প্ৰকাশ কৰাৰ প্ৰয়োজন আছিল। সি যিকিয়ে নহওক এয়া আমাৰ বাবে কোনো নতুন কথা নহয়, পুৰণা ৰেকৰ্ডিংখিনিয়েই নতুনকৈ বজাই থকা হৈছে। কেৱল ইয়াত নতুন সংযোজন ৰাষ্ট্ৰবিৰোধী কাৰ্যৰ বাবে সাত কোটি টকা সংগ্ৰহ আৰু ছিপাঝাৰৰ ঘটনাৰ লগত জৰিত থকাৰ অভিযোগ সম্পূৰ্ণ মিছা আৰু ভিত্তিহীন । ইয়াক তীব্র ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাত জৰিত থকাৰ কোনো প্ৰমাণ থাকিলে ৰাজহুৱা কৰাৰ প্ৰত্যাহ্বান জনাইছোঁ। অৱশ্যে আমি এই ক্ষেত্ৰত সুখী যে বিজেপিৰ