ছাৰ্ভেৰ নামত অবৈধভাৱে ধন সংগ্ৰহ
– হেল্থ কাৰ্ডৰ নামত অবৈধভাৱে ধন সংগ্ৰহ – ছাৰ্ভে কৰাৰ নামত একাংশই সংগ্ৰহ কৰিছে ধন – সহযোগ কৰিছে সভাপতিসহ একাংশ পঞ্চায়ত প্ৰতিনিধি মন কৰক এই কাৰ্ডখনলৈ৷ স্বচ্ছ ভাৰত তথা ভাৰত চৰকাৰৰ দোহাই দি একাংশ দুষ্ট চক্ৰই গাৱে গাৱে ছাৰ্ভে চলাইছে৷ ছাৰ্ভেৰ নামত প্ৰতিটো পৰিয়ালৰ পৰা অবৈধভাৱে ৫০ টকাকৈ সংগ্ৰহ কৰি আছে৷ বিনিময়ত প্ৰদান কৰিছে স্বাক্ষৰবিহীন ৰচিদ আৰু এটি স্মাৰ্ট কাৰ্ড৷ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে বৰপেটা জিলাৰ ধুমাৰ পথাৰতো চলি আছে এনে ঘটনা৷ বিষয়টো সন্দেহজনক হোৱাত সংবাদ প্ৰহৰীৰ কাৰ্যালয়লৈ অৱগত কৰে স্থানীয় লোকে৷ তদন্ত সূত্ৰে স্মাৰ্ট কাৰ্ডত উল্লেখ থকা ৱেবছাইটৰ জৰিয়তে আমি লাভ কৰিলো যোগাযোগৰ নম্বৰ৷ ফোন কৰা হ’ল সেই নম্বৰত আৰু লগে লগে ওলাই পৰিল জোলোঙাৰ মেকুৰী৷ পিছে ফোনযোগে