Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 1:07 pm

Home » আঞ্চলিক » অসম » চাকৰিৰ পৰা নিলম্বন এ চি এছ বিষয়া ছাইবৰ ৰহমান- কি হব নেতা-পালিনেতা-দালালচক্ৰৰ || ACS Saibar Rahman

চাকৰিৰ পৰা নিলম্বন এ চি এছ বিষয়া ছাইবৰ ৰহমান- কি হব নেতা-পালিনেতা-দালালচক্ৰৰ || ACS Saibar Rahman

অৱশেষত ধনকুবেৰ এ চি এছ বিষয়া ছাইবৰ ৰহমানক চাকৰিৰ পৰা নিলম্বিত কৰিলে চৰকাৰে৷ আয়বহির্ভুত অগাধ সম্পওিৰ গৰাকী এ চি এছ বিষয়াজনক চাকৰিৰ পৰা নিলম্বন কৰাৰ এই নির্দেশ ২৪ আগষ্টৰ পৰা কাৰ্যকৰী হব

দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ছাইবৰ ৰহমানক চাকৰিৰ পৰা নিলম্বিত কৰাৰ নিৰ্দেশ জাৰী কৰিলে ঠিকেই, পিছে কি হ’ব.. জিলাখনৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানা, মানকাচৰ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক মতিউৰ ৰহমান মণ্ডল, তেওৰেই নমিনী তথা দালালখ্যাত সহিদুৰ ৰহমান, হামেদ পাৰামানিক, মানকাচৰ সমষ্টিৰ বৰ্তমানৰ এআইউইউডিএফৰ বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ পত্নী তথা দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খানৰ৷
হয়, ছাইবৰ ৰহমানে বক্ৰ পথেৰে ধন উপৰ্জান কৰাৰ অন্যতম পথ আছিল উচ্ছেদিত অর্ধশতাধিক পৰিয়ালক ভূমি আবণ্টনৰ অচিলাৰে কোটি টকা সংগ্রহ কৰা৷ স্থানীয় একাংশ ৰাজনৈতিক নেতা আৰু দালালৰ হতুৱাই অনায়াসে কৰিছিল এই কাম৷
উল্লেখযোগ্য যে প্রায় ২০-২৫ বছৰ পুর্বে ব্রহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি হাটশিঙিমাৰীৰ মাতিনেৰ চৰ নামৰ ঠাইখনত শতাধিক পৰিয়ালে খাচ মাটি ক্ৰয় কৰি আশ্ৰয় গ্ৰহণ কৰিছিল। কিন্তু উক্ত ভূমিত জিলা উপায়ুক্তৰ কার্যালয়, জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়, জিলা আদালতকে ধৰি বিভিন্ন চৰকাৰী কার্যালয় নির্মাণ কৰা হ’ব বুলি প্রায় দুবছৰ পূৰ্বে প্রশাসনৰ উদ্যোগত উচ্ছেদ অভিযান চলোৱা হয়। এফালে গৰাখহনীয়াৰ কবলত পৰি আশ্রয় লোৱা পৰিয়ালক জিলা প্ৰশাসনে কৰা উচ্ছেদৰ ফলত পৰিয়ালকেইটাৰ মাজত হাহাকাৰ সৃষ্টি হয়। এনে পৰিস্থিতিৰ ফলত একাংশ লোক তদানীন্তন অতিৰিক্ত উপায়ুক্ত চাইবুৰ ৰহমানৰ কাষ চাপে। তাৰে সুযোগ গ্ৰহণ কৰি কেইগৰাকীমান দালালৰ জৰিয়তে ভূমি আৱণ্টন দিয়াৰ নামত পৰিয়াল কেইটাৰ পৰা অবাধে সংগ্ৰহ কৰে বৃহৎ পৰিমানৰ ধন৷ ভূমি আৱণ্টনৰ নামত দুৰ্ভগীয়া পৰিয়াল কেইটিৰ পৰা ধন সংগ্ৰহ কৰি নিজে কোটিপতি হোৱাৰ লগতে ছাইবৰ ৰহমানক ধন যোগান ধৰি দালালৰ ভূমিকা পালন কৰা তালিকাত কেইবাজনো লোক আছে যদিও ইয়াৰে ভিতৰত মানকাচৰ সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক মতিউৰ ৰহমান মণ্ডল, তওৰেই নমিনী সহিদুৰ ৰহমান, হামেদ পাৰামানিক, মানকাচৰ সমষ্টিৰ বৰ্তমানৰ এআইউইউডিএফৰ বিধায়ক আমিনুল ইছলাম আৰু তেওঁৰ পত্নী তথা দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰিষদৰ সভানেত্ৰী মেৰিনা খান অন্যতম বুলি ভূক্তভোগী সকলে সংবাদ মেলৰ জৰিয়তে অভিযোগ কৰে৷
আনহাতে প্রাক্তন অতিৰিক্ত উপায়ুক্ত ণৰাকী তুমি আৱণ্টনৰ নামত ধন সংগ্রহ কৰাৰ ক্ষেত্ৰত তদানীন্তন জিলা উপায়ুক্ত আতিকা চুলতানাও জড়িত হৈ থকাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়াল কেইটাই। সেইবাবে তদানীন্তন জিলা উপায়ুক্ত আতিকা চুলতানাকে আদি কৰি অভিযুক্ত আটাইকেইগৰীকেই চি এম ভিজিলেঞ্চৰ আওতাত আনিব লাগে বুলি দাবী উত্থাপন কৰিছে ভুক্তভোগী পৰিয়াল কেইটাই৷ পিছে এইক্ষেত্ৰত চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই কেনে পদক্ষেপ হাতত লয় সেয়া লক্ষণীয় হব৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি