✍ ছফিক্ উজ জামান (দুলাল)
গোসাঁইডুবি (গোৱালপাৰা)
অসমৰ বৌদ্ধিক জগতৰ দি্গগজ, ভোটাতৰা আছিল হোমেন বৰগোহাঞি ডাঙৰীয়া। যদিও স্বৰ্গীয় হোমেন বৰগোহাঞি দেৱক ওচৰৰ পৰা চোৱাৰ অথবা লগ পোৱাৰ সৌভাগ্য মোৰ হোৱা নাই। তথাপিও অসমীয়া এটি বেচৰকাৰী টিভি চেনেলৰ মাধ্যমেৰে প্রতি দেওবাৰে নিশা সম্প্ৰচাৰিত বিশেষ এক অনুষ্ঠানৰ জৰিয়তে তেখেতক নিয়মিতভাৱে চোৱাৰ সৌভাগ্য হৈছিল। সমাজৰ বিভিন্ন স্তৰৰ কিছু বিশেষ দক্ষ ব্যক্তিৰ সাক্ষাৎকাৰ উপস্থাপন কৰিবলৈ গৈ তেখেতে তেখেতৰ নিজৰ জীৱন আৰু প্রতিভাৰ উমান দিছিল। তাতেই তেখেতক জনাৰ সুবিধা লাভ কৰিছিলোঁ। মৃদুভাষী আৰু ওঁঠত লুকুৱা হাঁহি, মানুহজনৰ ব্যক্তিত্বই প্ৰভাৱিত কৰে। ইয়াৰ ওপৰিও তেখেতৰ ৰচিত বিভিন্ন কিতাপ পঢ়াৰ ফলত মই নিজে ব্যক্তিগতভাৱে অনুভৱ কৰোঁ যেন জীৱনৰ এক নতুন দুৱাৰ খোলখোৱা বুলি।
অনন্য প্রতিভাৰ অধিকাৰী আছিল তেখেত। তেখেতৰ স্মৃতি শক্তিৰ প্রখৰতাৰ কথা ভাবি তবধ মানো! পৃথিৱীৰ কিমান কথা জানিছিল তাৰ উমান পোৱা যায় তেখেতৰ প্রতিটো লেখাত উল্লেখ কৰা বিষয়, ব্যক্তি আৰু উদ্ধৃতিসমূহৰ পৰা। এজন মানুহে জীৱন আৰু কোনো বিষয়ক কিমান গভীৰভাৱে চালে ইমান সুন্দৰকৈ উপস্থাপন কৰিব পাৰে সেয়া তেখেতৰ বক্তব্যৰ পৰা সহজেই অনুভৱ কৰিব পাৰি। জীৱনৰ তিতা-কেহা ভোগ নকৰিলে হয়তো জীৱন অথবা সাহিত্যক ইমান সাৱলীলভাবে, সহজ ভাষাৰে উপস্থাপন কৰিব পৰা মুঠেই সম্ভৱ নহয়। হোমেন বৰগোহাঞি ডাঙৰীয়াৰ ক্ষেত্ৰত কিতাপ অধ্যয়ন আৰু তাক হৃদয়ংগম কৰাৰ যিটো গুণ আছিল যিটো তেখেতৰ লিখনিসমূহৰ মাধ্যমেৰে আৰু তেখেতৰ বক্তব্যৰ মাজেৰে প্রকাশ কৰিছে, সেয়া এক বিৰল প্ৰতিভাৰ পৰিচয় দিয়ে। তেখেতৰ প্রতিটো লেখা আৰু প্রতিখন কিতাপতে জীৱনৰ দিগদর্শন সফলভাৱে উপস্থাপন কৰিছে।
মেধাৱী এজন কটনিয়ান আৰু অসম চৰকাৰৰ ৰাজহ বিভাগৰ ৰাজপত্রিত বিষয়া হিচাপে তেখেতে সমাজৰ নিম্নৰ পৰা আৰম্ভ কৰি উচ্চ স্তৰলৈকে বিভিন্ন প্ৰকাৰৰ মানুহৰ সান্নিধ্য লাভ কৰি বাস্তৱ অভিজ্ঞতাৰে জ্ঞানৰ ভঁৰাল টনকিয়াল কৰিছিল। তেখেতে আহৰণ কৰা সেই জ্ঞান আৰু তাৰ প্রতিফলন তেখেতৰ পৰিপুষ্ট লেখনিসমূহৰ পৰা আমি অতি সহজে জীৱন আৰু জগতখনক চিনিব পাৰোঁ। লোকৰ দুখ-দুৰ্দশাৰ কথা অনুভৱ কৰিব পাৰোঁ! সেয়া যেন মানৱতাবাদী মনৰ মানুহ এজনৰ বাবে নিজৰ জীৱন সাৰ্থক কৰাৰ ক্ষেত্ৰত এন্ধাৰ পথত একো একো গছি চাকি বুলি নিঃসন্দেহে ক’ব পাৰি।
আমি জীৱনত যিমানেই যিয়ে লাভ নকৰোঁ কিয়, তথাপিও আমি পৰিপূর্ণভাৱে সুখী নহয়। সুখী নহওঁ যদিও, জীৱনত সুখী হোৱাৰ সাময়িক মন্ত্ৰ আমাক শিকাই দিছে তেখেতৰ ‘আত্মানুসন্ধান’ নামৰ কিতাপত চমৎকাৰভাবে উল্লেখ কৰিছে- “বেছিভাগ মানুহেই জীৱনত যিখিনি পালে তাৰ পৰা তৃপ্তি আহৰণ কৰাতকৈ যিখিনি নাপালে তাৰ কথা ভাবি অশান্তি পাই থাকিব খোজে। মই কেতিয়াও সেই ভুল কৰা নাই। মই জীৱনত যিখিনি পাইছোঁ সেই আনন্দৰ পাত্ৰত যিখিনি নাপালোঁ তাৰ আক্ষেপৰ বিষ ঢালি আনন্দখিনি নষ্ট কৰিব নোখোজোঁ।” কিমান সাৱলীল ভাবে এজন মানুহে জীৱনত সুখী হোৱাৰ কিটিপ শিকাই দিব পাৰে নিঃসন্দেহে এয়া তাৰেই এক উৎকৃষ্ট চানেকি।
মহান দিকপাল হোমেন বৰগোহাঞি ডাঙৰীয়া ব্যক্তিগত জীৱনত কঠোৰ অনুশাসন মানি চলা ব্যক্তি আছিল। সেয়েই চাগৈ কবি অজিৎ বৰুৱা ডাঙৰীয়াই তেখেতলৈ বুলি লিখা চিঠিত হেনো অভিযোগ কৰি লিখিছিল যে তেখেত হেনো ঘড়ীৰ দাস। সেয়া হোমেন বৰগোহাঞি ডাঙৰীয়াই নাকচ কৰা নাই। সেয়ে তেখেতে নিজেই এঠাইত উল্লেখ কৰিছে, “মই স্বেচ্ছাই ঘড়ীৰ আৰু ৰুটিনৰ দাসত্ব মানি লৈছোঁ, আৰু সেই দাসত্বই মোক দিছে স্বাধীনতা। মই আগবেলা সদায় এটা নিৰ্দিষ্ট সময়ত লিখিবলৈ বহোঁ। মোৰ কলমৰ পৰা লেখা ওলাওক বা নোলাওক, সম্পূৰ্ণ তিনি ঘন্টা সময় মই লেখাৰ টেবুলত বহি থাকোঁ; অর্থাৎ বহি থাকিবলৈ নিজকে বাধ্য কৰোঁ।” তেখেতৰ এই লেখা অথবা সৃষ্টিৰ প্রতি থকা একাগ্ৰতা বা দায়বদ্ধতাৰ পৰা আমি প্ৰতিগৰাকী সাহিত্যৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে যেন শিকিবলগীয়া ধৈৰ্যৰ এক অনবদ্য পাঠ। তেখেতৰ এই পথ অনুসৰণ কৰিলে নিশ্চয় ভৱিষ্যতে তেখেতৰ সমকক্ষ নহ’লেও তেখেতৰ পথৰ দক্ষ পথিক যে ওলাব সেয়া নিঃসন্দেহে ক’ব পাৰি। সাহিত্য সৃষ্টিৰ ক্ষেত্ৰত বৰগোহাঞি ডাঙৰীয়াই অন্ততঃ দুগৰাকী বৰেণ্য ব্যক্তিক যে অনুসৰণ কৰিছিল সেয়া তেখেতৰ লিখনিত উল্লেখ কৰিছে। সেয়া আমাৰ বাবেও অনুসৰণীয়, সেয়া হ’ল ফৰাচী লেখক এমিল জোলা, যাৰ উক্তি- “প্ৰতিদিনে অন্ততঃ এটা বাক্য তুমি লিখিবই লাগিব।” আনজন হ’ল বিখ্যাত ঐতিহাসিক আর্নল্ড টনবী, যাৰ পৰা বৰগোহাঞি ডাঙৰীয়াই লাভ কৰা মন্ত্র হ’ল, “যিসকল লেখকে লিখিবৰ কাৰণে মুড্ (mood) অর্থাৎ অনুকূল মানসিক অৱস্থা অহালৈ অপেক্ষা কৰি থাকে তেওঁলোকে জীৱনত বিশেষ একো লিখিব নোৱাৰে।” সেয়ে শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ডাঙৰীয়াই প্রতিগৰাকী লিখকক নিৰাশ নহৈ আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰাৰ বাবে কিমান ধুনীয়া পৰামর্শ আগবঢ়াইছে চাওক৷ তেখেতে কৈছে: “মুড নিজে নিজে আহিলে ভাল কথা ; নাহিলে মুড্ সৃষ্টি কৰি ল’ব লাগিব লেখকে নিজেই।”
মৃদুভাষী, আৰু মানৱতাবাদী এইগৰাকী মনীষীৰ জীৱন যদি আমি মুক্ত মনেৰে অধ্যয়ন কৰোঁ, তেতিয়া হ’লে নিশ্চয় আমি ভাতৃত্ব আৰু সাম্প্ৰদায়িক সম্প্ৰীতিৰ আহ্বানো দেখিবলৈ পাম।
(আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008