Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:29 am

Home » আঞ্চলিক » অসম » বৰপেটাৰ ৰাঙাপানীত বন্ধ কোঠাত চোৰাং চাউল থকাৰ সন্দেহ : তীব্ৰ প্ৰতিক্ৰিয়া, আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ সন্দেহ

বৰপেটাৰ ৰাঙাপানীত বন্ধ কোঠাত চোৰাং চাউল থকাৰ সন্দেহ : তীব্ৰ প্ৰতিক্ৰিয়া, আৰক্ষী-প্ৰশাসনৰ ভূমিকাক লৈ সন্দেহ

প্ৰতিবেদন- ১
বৰপেটা : বৰপেটা জিলাৰ ৰাঙাপানীৰ এটা বন্ধ কোঠাত চোৰাং চাউল থকাৰ সন্দেহক লৈ অঞ্চলবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰয়াৰ সৃষ্টি হৈছে৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জাহোৰপাম সুলভ মূল্যৰ দোকানৰ এজেণ্ট ফাতেমা খাতুনৰ ৰাঙাপানীস্থিত ব্যক্তিগত এক কোঠাত বৃহৎ পৰিমানৰ চাউল গোপনে মজুত ৰাখিছে৷ কোনেও নেদেখাকৈ শেষ ৰাতিত অতি সংগোপনে ট্ৰাকৰ পৰা খালী কৰি কোঠাটোত বৃহৎ পৰিমানৰ চাউল মজুত ৰাখিছে৷ 

খবৰটো চাৰিওপিনে বিয়পি পৰাত চাউল ৰখা কোঠাটোৰ চাৰিওপিনে স্থানীয় ৰাইজে ভিৰ কৰে৷ এক টেলিফোনিক বাৰ্তালাপৰ পৰা জানিব পৰা মতে বন্ধ কোঠাত যে চাউল আছে সেই নিজ মুখে স্বীকাৰ কৰিছে সুলভ মূ্যৰ এজেণ্টৰ স্বামীয়ে৷ একাংশ স্থানীয় লোকে সুলভ মূল্যৰ এজেণ্ট তথা এজেণ্টৰ স্বামীক ঘটনাস্থলীলৈ আহি বিষয়টো স্পষ্ট কৰি দিবলৈ আহ্বান জনাই যদিও এজেণ্ট তথা এজেণ্টৰ স্বামীয়ে ঘটনাস্থলীলৈ অহাৰ বিপৰীতে আৰক্ষীকহে সাক্ষাৎ কৰে৷ 
ইপিনে প্ৰাপ্ত খবৰ অনুসৰি স্থানীয় ৰাইজৰ লগতে গাঁওৰক্ষী বাহিনীৰ আৰু স্থানীয় সাংবাদিকেও ঘটনাস্থলীত আৰক্ষী-প্ৰশাসনৰ লোক উপস্থিত হবলৈ ফোনযোগে অৱগত কৰায় যদিও আৰক্ষী বা প্ৰশাসনৰ ফালৰ পৰাও কোনো সহাৰি লাভ নকৰিলে৷ ফলত প্ৰশ্ন হয়, আৰক্ষী-প্ৰশাসনক মেনেজ কৰিলে নেকি সুলভ মূল্যৰ এজেণ্ট গৰাকীয়ে? যদি সেয়া নহয়, তেন্তে স্থানীয় ৰাইজ, গাঁওৰক্ষী বাহিনী আৰু সাংবাদিকৰ অভিযোগ তথা সন্দেহক নস্যাৎ কৰাৰ আঁৰৰ ৰহস্য কি? ইপিনে আমাৰ হাতত থকা এক টেলিফোনিক বাৰ্তালাপ অনুসৰি এজেণ্টৰ স্বামীগৰাকীয়ে ঘটনাস্থলীত উপস্থিত হোৱাৰ বিপৰীতে আৰক্ষীৰ শৰনাপন্ন হৈছিল কিয়? যদি আৰক্ষীৰ শৰণাপন্নই হৈছিল তেন্তে আৰক্ষী-প্ৰশাসনৰ লোক লগত লৈ ঘটনাস্থলীত উপস্থিত হ’ব নোৱাৰিলে কিয়? 
ইপিনে স্থানীয় ৰাইজৰ আশংকা অনুসৰি ৰাতিৰ ভিৰতে এই বৃহৎ পৰিমানৰ চাউল হৰলুকী যে নঙ২ব সেয়া নুই কৰিব নোৱাৰি৷ অৱশ্যে বন্ধ কোঠাত থকা চাউলখিনি কৰ পৰা আহিছে, চাউলখিনি কাৰ, কিয় গোপনে সেই স্থানত চাউলখিনি মজুত ৰখা হৈছে, অভিযোগৰ পিছতো আৰক্ষী-প্ৰশাসনৰ লোক ঘটনাস্থলীত উপস্থিত নোহোৱাৰ কাৰণ কি? ইত্যাদি সমগ্ৰ প্ৰশ্নৰ উত্তৰ বিচাৰি ‘সংবাদ প্ৰহৰী’ৰ সাংবাদিকৰ থাকিব তীক্ষ্ণ নজৰ৷ পৰৱৰ্তী সময়ত বিস্তাৰিতভাৱে ফাদিল কৰিম সকলো তথ্য৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি