Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:03 pm

Home » আঞ্চলিক » অসম » মানাহপৰীয়া প্ৰেছ গীল্ডৰ উদ্যোগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

মানাহপৰীয়া প্ৰেছ গীল্ডৰ উদ্যোগত ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন

বৰপেটাৰোড : সমগ্ৰ দেশৰ লগতে বৰপেটা-বাক্সা জিলাৰ প্ৰগতিশীল সাংবাদিক সংস্থা মানাহপৰীয়া প্ৰেছ গীল্ডৰ উদ্যোগত দেওবাৰে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। ৰাষ্টীয় পতাকাৰ প্ৰতি সন্মান জনাই কাৰ্যালয় প্ৰাঙ্গনত পতাকা উত্তোলন কৰে স্থানীয় বিশিষ্ট ব্যক্তি তথা অৱসৰপ্ৰাপ্ত শিক্ষক আয়নাল হকে৷
এই কাৰ্যসূচীত গীল্ডৰ মুখ্য উপদেষ্টা হায়াত আলীয়ে উপস্থিত থাকি নিজৰ ভাষণত ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ তাৎপৰ্য বিশ্লেষণ কৰে৷ তেওঁ কয়- ভাৰতবাসীয়ে স্বাধীনতা লাভৰ ৭৪ টা বৰ্ষ অতিক্ৰম কৰাৰ শুভ মূহুৰ্তত আমি আটাইতকৈ গৌৰৱান্বিত যে বিশাল দেশ ভাৰতবৰ্ষত অনৈক্যৰ মাজতো ঐক্য, বৈচিত্ৰৰ মাজতো ঐতিহ্য বিৰাজ কৰিছে। ভিন ভিন ভাষা-ভাষী, ধৰ্ম- সম্প্ৰদায়, জাতি-গোষ্ঠীৰ লোকেৰে সমৃদ্ধ ভাৰতবৰ্ষৰ বৈচিত্ৰতাৰ মাজৰ ঐক্য-সম্প্ৰীতি যাউতিযুগীয়া। এইবেলি আলফাৰ দৰে সশস্ত্ৰ সংগ্ৰামী সংগঠনে প্ৰায় চাৰি দশক পিছত স্বাধীনতা দিৱসৰ দিনা অসম বন্ধৰ লেখিয়া কাৰ্যসূচী বৰ্জন কৰাত আমি অধিক আনন্দিত আৰু মুকলিমূৰীয়াকৈ ভাৰতৰ ত্ৰিৰংগা পতাকা উত্তোলন কৰি এক ভাৰতীয় হিচাপে সমস্বৰে ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ বাবে অনুপ্ৰেৰিত হৈছো।
মানাহপৰীয়া প্ৰেছ গীল্ডৰ এই স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচীলৈ প্ৰতি বছৰে ৰাইজৰ পূৰ্ণ সহাঁৰি পাম বুলি আশা কৰিলো। গীল্ডৰ সাধাৰণ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে আঁত ধৰা কাৰ্যসূচীত শিশু-মহিলাকে ধৰি ভালেকেইগৰাকী লোক অংশগ্ৰহণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি