Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 9:39 am

Home » আঞ্চলিক » অসম » মানাহপৰীয়া প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

মানাহপৰীয়া প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

কবি মোজাম্মিল শিকদাৰ আৰু ফৰিদা ইয়াছমিনৰ কাব্যগ্ৰন্থ উন্মোচন
বৰপেটাৰোড : বৰপেটা আৰু বাক্সা জিলাৰ এক বৃহত্তৰ অঞ্চল সামৰি গঠিত মানাহপৰীয়া প্ৰেছ গীল্ডৰ মঙলবাৰে ২০২১ বৰ্ষৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গীল্ডৰ নতুন কাৰ্যালয়ৰ দ্বাৰ মুকলি, ৱেবছাইট উন্মোচন, গ্ৰীষ্মত কবিতাৰ আমেজ শীৰ্ষক কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচন কৰা হয়৷ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা স্বচ্চ অভিযানৰ পিছতেই গীল্ডৰ পতাকা উত্তোলন কৰে সভাপতি মাজহাৰুল ইছলামে৷ তাৰ পিছতেই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্মই গছপুলি ৰোপন আৰু কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে৷
দ্বাৰ মুকলি কৰি ব্ৰহ্মই সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যম, সাংবাদিক আৰু সাংবাদিকসকলৰ দায়িত্ব-কৰ্তব্য সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ দূপৰীয়া সভাপতি মাজাহাৰুল ইছলামৰ পৌৰহিত্যত অনুষ্ঠিত কৰা হয় গ্ৰীষ্মত কবিতাৰ আমেজ শীৰ্ষক কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠান৷ শিশুশিল্পী মাফুজা ইয়াছমিৰ পৰিচালনাত জাতীয় সংগীত পৰিৱেশন কৰা অনুষ্ঠানটিত গীল্ডৰ ৱেবছাইট আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়৷ গীল্ডৰ প্ৰতিষ্ঠাপক সভাপতি তথা মুখ্য উপদেষ্টা হায়াত আলীৰ সঞ্চালনাত অনুষ্ঠিত এই অনুষ্ঠানত উদীয়মান কবি মোজাম্মিল শিকদাৰৰ তৃতীয়খন কাব্য সংকলন ‘চিতাৰ জুই’ আৰু ফৰিদা ইয়াছমিনৰ দ্বিতীয়খন কাব্য সংকলন ‘ৰং বিহীন ওঁঠযুৰি’ উন্মোচন কৰে বিশিষ্ট সাহিত্যিক তথা চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি ডঃ হাফিজ আহমেদে৷ গ্ৰন্থ উন্মোচন কৰি দিয়া নিজৰ ভাষণত কবিসকলক প্ৰেৰণা আৰু উৎসাহ প্ৰদান কৰে৷ 

সাধাৰণ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকে আঁত ধৰা অনুষ্ঠানত বৰপেটাৰোড প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি মহম্মদ শিকদাৰ, হাউলী নৰ্ম্মাল স্কুলৰ অধ্যক্ষ সুভাষ সূত্ৰধৰ, অৱসৰপ্ৰাপ্ত শিক্ষক তথা লোক-সংস্কৃতিৰ গৱেষক কোৰবান আলী চৌধুৰী, উদীয়মান কবি নুৰুজ্জামান হক, বাহাদুল ইছলাম, সবিতা বেগম, ক্বাজী নীল, মিনহাজ উদ্দিন প্ৰমূখ্যে ভালেকেইগৰাকী ন-পুৰণি কবিয়ে বিভিন্ন ভাষাত স্ব-ৰচিত কবিতা পাঠ কৰি অনুষ্ঠানটি জীপাল কৰি তোলে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি