| | |

মানাহপৰীয়া প্ৰেছ গীল্ডৰ প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

কবি মোজাম্মিল শিকদাৰ আৰু ফৰিদা ইয়াছমিনৰ কাব্যগ্ৰন্থ উন্মোচন বৰপেটাৰোড : বৰপেটা আৰু বাক্সা জিলাৰ এক বৃহত্তৰ অঞ্চল সামৰি গঠিত মানাহপৰীয়া প্ৰেছ গীল্ডৰ মঙলবাৰে ২০২১ বৰ্ষৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷ ক’ভিড প্ৰট’কল মানি অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি গীল্ডৰ নতুন কাৰ্যালয়ৰ দ্বাৰ মুকলি, ৱেবছাইট উন্মোচন, গ্ৰীষ্মত কবিতাৰ আমেজ শীৰ্ষক কবি সন্মিলন আৰু গ্ৰন্থ উন্মোচন কৰা হয়৷ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা স্বচ্চ অভিযানৰ পিছতেই গীল্ডৰ পতাকা উত্তোলন কৰে সভাপতি মাজহাৰুল ইছলামে৷ তাৰ পিছতেই মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্মই গছপুলি ৰোপন আৰু কাৰ্যালয়ৰ দ্বাৰ মুকলি কৰে৷ দ্বাৰ মুকলি কৰি ব্ৰহ্মই সাম্প্ৰতিক সময়ৰ সংবাদ মাধ্যম, সাংবাদিক আৰু সাংবাদিকসকলৰ দায়িত্ব-কৰ্তব্য সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰে৷ দূপৰীয়া সভাপতি মাজাহাৰুল ইছলামৰ পৌৰহিত্যত