হাতীগাঁও শাখা লেখিকা সংস্থাৰ উদ্যোগত বিষ্ণু ৰাভা দিবস উদ্যাপন
গুৱাহাটী ঃ অসম লেখিকা সংস্থাৰ অন্তৰ্গত বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থাই কৰোনাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ভাৰ্চুৱেল বৈঠকৰ যোগেদি বিষ্ণু ৰাভা দিবস উদযাপন কৰে৷ ভাৰ্চুৱেল বৈঠকৰ আঁত ধৰে সম্পাদিকা দীপা বৰা দত্তই৷ অনুষ্ঠানৰ আৰুম্ভনিতে বিষ্ণু ৰাভাৰ ফটোত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলন কৰে বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থাৰ সভানেত্ৰী কস্তৰী নিভা গগৈয়ে৷ পিছত অসম সাহিত্য সভাৰ প্ৰাত্তন সভাপতি তথা সৰস্বতী বটাৰে বিভূষিত, পদ্মশ্ৰী সন্মানেৰে সন্মানিত ‘পাতাল ভৈৰবীৰ’ স্ৰষ্টা ডঃ লক্ষীনন্দন বৰাৰ বিয়োগত এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয়৷ গীত, মাত, কবিতা আবৃত্তিৰে জীপাল হৈ পৰে বৃহত্তৰ হাতীগাঁও শাখা লেখিকা সংস্থা৷ সুকণ্ঠী গায়িকা মাইনু ডেকাৰ কণ্ঠত ৰাভা সংগীত ‘পৰজনমৰ শুভলগনত’ কালজয়ী গীতেৰে অনুষ্ঠানটি আৰম্ভ কৰা হয়৷ বিশিষ্ট গীতাৰ বাদক তথা হাতীগাও