Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 11:18 am

Home » আঞ্চলিক » অসম » ভোকাতুৰক এমুঠি খাদ্য যোগান বৰপেটাৰোডৰ জোনাক ফাউণ্ডেচনৰ

ভোকাতুৰক এমুঠি খাদ্য যোগান বৰপেটাৰোডৰ জোনাক ফাউণ্ডেচনৰ

বৰপেটাৰোড : সমগ্ৰ দেশতে ক’ৰোণা মহামাৰীৰ আতঙ্কই তচনচ কৰি পেলাইছে মানুহৰ জীৱন। সমগ্ৰ দেশৰ লগতে আমাৰ ৰাজ্যতো ক’ৰোণাই বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। এই সময়ত সমগ্ৰ ৰাজ্যতে চলি থকা মিনি লকডাউনে অচল কৰি পেলাইছে জনজীৱন। 

এই দুৰ্যোগৰ সময়ত বহুতৰ লগতে অতিকৈ বিপদত পৰা পদপথৰ নিঃসহায় লোকসকলৰ দূৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক সহায় কৰাৰ সংকল্পৰে ৰাজপথলৈ ওলাই আহিছে বৰপেটাৰোডৰ জোনাক ফাউণ্ডেচন নামৰ বে-চৰকাৰী সংস্থা। ২ জুনৰ পৰা জোনাক ফাউণ্ডেচনৰ এটি সজাতি দলে বৰপেটাৰোডৰ ৰেলৱে ষ্টেচনৰ ওচৰ-পাজৰে থকা বহুকেইগৰাকী অসহায় লোকক খাদ্য-সামগ্ৰী যোগান ধৰাৰ লগতে ৰাইজক ক’ৰোণা মহামাৰীৰ প্ৰতি সজাগ কৰিবলৈ চেষ্টা কৰে। বৰপেটাৰোডৰ উদিয়মান যুৱ-প্ৰজন্মৰ উদ্যোগত গঢ় লৈ উঠা জোনাক ফাউণ্ডেচনে লোৱা এই কাৰ্যসূচীক বিশেষভাৱে সলাগ লৈছে বৰপেটাৰোড অঞ্চলৰ সচেতন মহলে আৰু আগন্তুক দিনতো এই ধৰণৰ মানৱীয়-সামাজিক কাম-কাজত আগভাগ লৈ থাকিবলৈ উক্ত ফাউণ্ডেচনৰ কৰ্মকৰ্তাসকলক আহ্বান জনাইছে। 

জোনাক ফাউণ্ডেচনৰ এই মহান কামটো ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সজাতি দলটোত আছিল ক্ৰমে শ্বাহাদত হুছেইন ,ছফি কামাল ৰহমাতুল্লাহ, আমিনুল হক, হাকিম আলী, আমিৰ হুছেইন, হাইদৰ আলী, বাহাৰুল ইছলাম, ৰাজমূল হাছান তালুকদাৰ, আৰিফুল প্ৰধানী। অনাগত দিনতো সমাজৰ পিছপৰা তথা অসহায় সকলৰ বাবে জোনাক ফাউণ্ডেচনে সদায় কাম কৰি যাব বুলি কৰ্মকৰ্তা সকলে জানিবলৈ দিয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি