Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:13 pm

Home » আঞ্চলিক » অসম » বিজেপিৰ মিথ্যাচাৰিতা-কৌশল ফাদিল

বিজেপিৰ মিথ্যাচাৰিতা-কৌশল ফাদিল

আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে.? সৰ্বানন্দ সোণোৱালক নে বদৰুদ্দিন আজমলক। সম্প্ৰতি ছ’চিয়েল মিডিয়াত সৰ্বানন্দ সোণোৱাল আৰু আজমলৰ ফটো সংলগ্ন কৰি এনে কেপচন দিয়া হৈছে। ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ কৰি থকা দেখা গৈছে। প্ৰচাৰৰ গুৰু দায়িত্বত আছে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱ৷ আচলতে এই ছবি বা প্ৰশ্নৰ দ্বাৰা বুজাব বিচাৰিছে কি? এয়া ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ডাৰ্টী পলিটিকচৰ অন্যতম অৰ্থহীন চৰিত্ৰ। য’ত নেকি বদৰুদ্দিন আজমলে বাৰাম্বাৰ না কৰি আহিছে যে আজমলে কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়৷ তাৰ পিছতো ভোটাৰক মূৰ্খ সজোৱাৰ বাবে দেখুৱা হৈছে আজমলৰ ভয়। এনে প্ৰশ্নৰে ভোট ভিক্ষা কৰা হৈছে পদুম ফুলৰ চিহ্নত। মূলতঃ বিকাশ তথা উন্নয়নৰ ৰাজনীতিত বিফল হোৱা বিজেপি দলটোৰ বিশেষকৈ আইটি চেলে বিজেপিক ভোট নিদিলে আজমল মুখ্যমন্ত্ৰী হব বুলি ভয় দেখুৱাই হিন্দু ভোট লাভ কৰাৰ আশাৰে এনে লজ্জাজনক ৰাজনীতি আৰম্ভ কৰিছে৷ মন কৰিবলগীয়া যে এই একে কৌশল ২০১৬ৰ বিধানসভা নিৰ্বাচনতো ব্যৱহাৰ কৰিছিল৷ বিভিন্ন সূত্ৰৰ পৰা জানিব পৰা মতে ২০১৬ৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ নেতা-কৰ্মীসকলে ঘৰে ঘৰে গৈ পকেটত লৈ ফুৰা আজমলৰ ফটো দেখুৱাই সহজ সৰল অসমীয়াক বুজোৱা হৈছিল যে যদিহে বিজেপিক ভোট দিয়া নহয়, তেন্তে এইগৰাকী দাড়ি-টুপী থকা বাংলাদেশী মূলৰ বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ’ব৷ অৰ্থাৎ অসমখন বাংলাদেশীৰ হাতলৈ যাব৷ গতিকে এইবাৰৰ নিৰ্বাচনতো সেই একে কৌশল অৱলম্ৱন কৰিছে নেকি বিজেপি দলে? বিজেপি দলৰ এনে লেতেৰা ৰাজনীতিত পুনৰ অসমবাসী ভুল যাব নেকি সেয়া সময়ত লক্ষণীয় হব৷
এতিয়া আহিছো নাগৰিকত্ব সংশোধনী আইন চমুকৈ ‘কা’ৰ প্ৰসঙ্গ–
ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে ‘কা’ বলবৎ কৰা হ’ব অসমত। বিজেপিৰ ভীস্ম প্ৰতিজ্ঞা এইয়া। নিৰ্বাচনী ইস্তাহাৰত স্পষ্টভাৱে উল্লেখ কৰিছে। কিন্তু উজনিৰ নিৰ্বাচনী সভাত বিজেপিৰ কোনো নেতাই কিয় চৰকাৰ গঠন কৰিব পাৰিলে ‘কা’ বলবৎ কৰা হ’ব বুলি উল্লেখ কৰিবলৈ সাহস গোটাব পৰা নাই। ভোটৰ লালসাত অন্ধকাৰত ৰখা হৈছে উজনিৰ ভোটাৰক।
এইবাৰ উল্লেখ কৰিছো বিজেপিয়ে প্ৰকাশ কৰি অহা ভূৱা বিজ্ঞাপনৰ বিষয়ে৷
বাতৰি কাকতত ৰঙীণ বিজ্ঞাপন দি নৰেন্দ্ৰ মোডীৰ বিজেপি চৰকাৰে প্ৰচাৰ কৰি আছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা আচঁনিৰ সফল ৰূপায়নৰ কথা। বিজ্ঞাপনত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে আৱাসগৃহ লাভ কৰা এগৰাকী মহিলাৰ ছবি। বিজ্ঞাপন অনুসৰি মহিলাগৰাকীয়ে নিজে গৃহ লাভৰ স্বীকাৰোক্তি দিয়া দেখুৱাইছে কেন্দ্ৰীয় চৰকাৰে। বিগত সময়ছোৱাত কেন্দ্ৰই ২৪ লাখ আৱাস গৃহ দৰিদ্ৰ পৰিয়ালক যোগান ধৰা বুলি উল্লেখ কৰিছে। কিন্তু নিউজ লণ্ড্ৰী নামৰ ৱেব পৰ্টেলে বিজ্ঞাপন দিয়া ছবিৰ প্ৰকৃত মানুহজনীক বিচাৰি ওলাইছে। চাই লওক সেই ভিটিঅ’টো৷
ভিডিঅ’টোত মহিলাগৰাকীয়ে তেখেতৰে ছবি বুলি চিনাক্ত কৰে। লগতে হতভম্বও হৈ পৰে প্ৰধানমন্ত্ৰীৰ লগত তেওঁৰ ছবি দেখা পায়। অৱশ্যে আৱাস গৃহ লাভ কৰাৰ কথাটো পোনচাটেই নাকচ কৰে। তেন্তে উন্নয়ন, আচঁনি ৰূপায়নৰ ক্ষেত্ৰতো ভূৱা, মিথ্যাচাৰৰ আশ্ৰয় লৈছে বিজেপি চৰকাৰে।
আনহাতে অসমৰ বিভিন্ন বাতৰি কাকতত সীমান্ত ছীল কৰাৰ বিজ্ঞাপন প্ৰকাশ কৰি বিজেপি দলে খৰচ কৰি আছে লাখ লাখ টকা। কংগ্ৰেছ চৰকাৰৰ দিনত উন্মুক্ত সীমান্তক, বিজেপি চৰকাৰৰ দিনত সম্পূৰ্ণ সীমান্ত ছীল কৰাৰ দেখুৱাইছে। কিন্তু আজিও সীমান্ত উন্মুক্ত হৈ থকাৰ তথ্য আছে। ভাৰতৰ গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰয়ে সদনত উল্লেখ কৰা তথ্য অনুসৰি অসম, মেঘালয় আৰু ত্ৰিপুৰাকে ধৰি ৬০ কিলোমিটাৰ ঠাই আজিও উন্মুক্ত হৈ আছে৷
তেন্তে মিথ্যাচাৰ কিয়? কেৱল ভোটত জয়ী হোৱাৰ বাবেই সমগ্ৰ কূট-কৌশল আৰু মিথ্যাচাৰ নেকি? অসমৰ ভোটাৰ ৰাজনৈতিকভাৱে সম্পূৰ্ণ শিক্ষিত নোহোৱাৰ বাবেই বিজেপিয়ে ঠগাব বিচাৰি আছে নেকি অসমবাসীক, অসমীয়া ৰাইজক। এইয়া সিদ্ধান্ত লোৱাৰ সময়, সত্য ৰাজনীতি প্ৰতিষ্ঠা কৰাৰ সময়। সজাগ হওক জনতা, সজাগ হওক ভোটাৰ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি