| | |

বিজেপিৰ মিথ্যাচাৰিতা-কৌশল ফাদিল

আপুনি মুখ্যমন্ত্ৰী হিচাপে কাক বিচাৰে.? সৰ্বানন্দ সোণোৱালক নে বদৰুদ্দিন আজমলক। সম্প্ৰতি ছ’চিয়েল মিডিয়াত সৰ্বানন্দ সোণোৱাল আৰু আজমলৰ ফটো সংলগ্ন কৰি এনে কেপচন দিয়া হৈছে। ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰচাৰ কৰি থকা দেখা গৈছে। প্ৰচাৰৰ গুৰু দায়িত্বত আছে প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ফেন ক্লাৱ৷ আচলতে এই ছবি বা প্ৰশ্নৰ দ্বাৰা বুজাব বিচাৰিছে কি? এয়া ২০২১ৰ বিধানসভা নিৰ্বাচনৰ ডাৰ্টী পলিটিকচৰ অন্যতম অৰ্থহীন চৰিত্ৰ। য’ত নেকি বদৰুদ্দিন আজমলে বাৰাম্বাৰ না কৰি আহিছে যে আজমলে কেতিয়াও অসমৰ মুখ্যমন্ত্ৰী নহয়৷ তাৰ পিছতো ভোটাৰক মূৰ্খ সজোৱাৰ বাবে দেখুৱা হৈছে আজমলৰ ভয়। এনে প্ৰশ্নৰে ভোট ভিক্ষা কৰা হৈছে পদুম ফুলৰ চিহ্নত। মূলতঃ বিকাশ তথা উন্নয়নৰ ৰাজনীতিত বিফল হোৱা বিজেপি দলটোৰ বিশেষকৈ আইটি চেলে বিজেপিক ভোট নিদিলে আজমল

|

ভোট দিবলৈ যাওঁতে মনত ৰাখক এইকেইটা কথা… : ক’ৰোণা সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নতুন নীতি-নিৰ্দেশনা

| |

গুৱাহাটীত ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান

প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ উদ্যোগত আৰু “সাহিত্যৰ সুবাস” আলোচনীৰ সহযোগত “ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান, তেওঁলোকেহে পাৰে যাৰ মানসিকতা মহান” অনুষ্ঠান গুৱাহাটী : প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ফুল”ৰ উদ্যোগত আৰু “সাহিত্যৰ সুবাস” আলোচনীৰ সহযোগত “ভোকাতুৰক অন্ন দান, অসহায়ক বস্ত্ৰ দান, তেওঁলোকেহে পাৰে যাৰ মানসিকতা মহান” অনুষ্ঠানটো বৃহস্পতিবাৰে অনুষ্ঠিত হৈ যায়৷ প্ৰেৰণাৰ আলোচনী “নিয়ৰৰ ‌ফুল”ৰ সম্পাদক বিজু ফুকন কলিতা আৰু সভাপতি জুৰিমণিৰ পৰিচালনাত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত শুক্ৰেশ্বৰ মন্দিৰ,পাণবজাৰ, ফাঁচি বজাৰৰ আশে-পাশে ঠাইসমূহত প্ৰায় শতাধিক পথপথৰ অসহায়সকলক বস্ত্ৰ আৰু খাদ্য বিতৰণ কৰা হয়। উক্ত অনুষ্ঠানটোত সহায় আৰু সহযোগিতা আগবঢ়াই গুৱাহাটী নিবাসী সমাজসেৱীকা পূজা ভৰালী আৰু ৰঞ্জন মুদৈয়ে। ‌উল্লেখযোগ্য যে উক্ত অনুষ্ঠানটো দৰং, মঙ্গলদৈ, ছিপাঝাৰৰ লগতে গুৱাহাটী মহানগৰীত প্ৰতিমাহে অনুষ্ঠিত হৈ আহিছে।