Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:18 pm

Home » বিবিধ » মুক্তকণ্ঠ » যুগ্ম জীৱনলৈ শুভকামনা

যুগ্ম জীৱনলৈ শুভকামনা

  মঞ্জুলা বড়া
এগৰাকী ষোড়শী গাভৰুৰ মৰমলগা হাঁহি সুন্দৰ কথোপকথন, মনোমোহা ব্যক্তিত্ব। ইমানেই তেওঁৰ বাহিৰে আমি একো নাজানো ৷ আমি সকলো তেওঁৰ প্ৰেমত পৰিলো ৷ সুন্দৰ অভিনয় বাবেই আমি তেওঁৰ প্ৰেমত মুগ্ধ ৷ তেওঁ জনপ্ৰিয় হৈ পৰিল সকলোৰে ৷ সেয়েহে তেওঁৰ অভিনীত ছবিৰ সংখ্যা আঙুলিৰ মুৰত গণিব নোৱাৰা হ’ল৷ ছবিৰ সংখ্যা বাঢ়িল ৷ তেওঁ যিখন ছবিত নাথাকে উকা উকা লগা হ’ল আমাৰ ৷ নতুন প্ৰজন্মইও বাঃ বাঃ দি আদৰি ল’লে তেওঁক ৷ হঠাৎ তেওঁৰ জীৱনলৈ আহিল ধুমুহা ৷ বিবাহ নামৰ ধুমুহাৰ বাবে ক্ষন্তেক থমকিবলগীয়া হ’ল যদিও অভিনয় জগতত তেওঁক লগ পাই থাকিলো ৷ নানা অভিজ্ঞতা গোটাই থৈছিল অভিনয় জীৱনৰ পৰা ৷ আগবাঢ়িল প্ৰকৃত জীৱনৰ উন্নতিৰ দিশে ৷ তাতো পালে তেওঁ বাঃ বাঃ ৷ সকলোৰে অন্তৰ জয় কৰিলে ৷ তেওঁ দুয়োখন ঘৰৰ নয়নৰ মণি হৈ পৰিল ৷ সুন্দৰ ভাৱেই গৈ আছিল দিনবোৰ ৷ আহিল এটা আশা নকৰা দিন ৷ আন দিনাৰ দৰে ব্যস্ত জীৱনত ফোন কল আহিল ৷ যিটো আছিল ভয়ঙ্কৰ ৷ তেওঁ ততাতৈয়াকৈ আত্মীয়সকলৰ কাষ পালেহি ৷ গম পালে স্বামীৰ মৃত্যু আসন্ন ৷ তেওঁৰ মুৰত সৰগ ভাগি পৰিল প্ৰিয়জনৰ আসন্ন মৃত্যুৰ কথা জানি ৷ তেওঁ অধচেতন অৱস্থা ৷ কেনেকৈনো দিয়ে ইমান সোনকালে ইমান সহজে প্ৰিয়জনক বিদায় ৷ এইয়া তু তেওঁৰ অভিনয় জীৱন নহয় ৷ তেওঁ হিয়া ঢাকুৰি কান্দিলে ৷ তথাপিও তেওঁ ৰাখিব নোৱাৰিলে প্ৰিয়জনক ৷ নাৰী অবলা ৷ এই নাৰীয়ে বাস্তৱ জীৱনৰ লগত যুজ দিবলৈ অন্তৰত অগাধ প্ৰেম মৰম মনত অদম্য সাহস কঠোৰ প্ৰতিজ্ঞা অফুৰন্ত শক্তি, সমাহিত জীৱন যাপনৰ কবচ হাতৰ মুঠিত লৈ জীয়াই থকাটো কিমান যান্ত্ৰণাদায়ক সেইয়া পোৱাজনেহে জানে আনে নাজানে নুবুজে৷ সেইয়া নাৰী জীৱনৰ গোপন চকুলো আৰু সুকীয়া অধ্যায় ৷
স্বামীক হেৰুৱা বেদনা তেওঁৰ অন্তৰত সাঁচি থৈ এখন আদৰ্শ পূৰ্ণ ঘৰৰ কথা জানি তেওঁ আগুৱালে নিজপথত ৷ তেওঁ চছিয়েল মিদিয়াত জনপ্ৰিয় হৈ পৰিল যিহেতু তেওঁ সকলোৰে প্ৰিয় ৷ তেওঁৰ লগত বক্তিগতভাৱে কথা পাতিবলৈ পথ সুচল হ’ল ৷ গঢ়ি উঠিল সকলোৰে লগত মৰমলগা সদ্ভাৱ ৷ এইদৰেই বহুতে বহুত ধৰণেৰে প্ৰিয় হৈ পৰে আজিৰ সমাজত ৷ তেওঁ ইয়াৰ ব্যতিক্ৰম নহ’ল ৷ তেওঁ হ’ল হাজাৰ হাজাৰ অনুৰাগীসকলৰ মাজৰ এজন অনুৰাগীৰ সকলোতকৈ প্ৰিয় ৷ কথাবাৰ্তা হ’ল গতানুগতিকতাৰেই ৷ বন্ধুসুল্লভ সম্বন্ধ ৷ ইয়াৰ পিছত প্ৰেমৰ স্ফুলিঙ্গ উফৰি আহিল ক’ৰবাৰ পৰা ৷ এই স্ফলিঙ্গই প্ৰেমক উন্নিত কৰিলে ৷ এদিন এই প্ৰেমক স্হায়িত্ব প্ৰদান কৰিব বিছাৰিলে প্ৰেমাস্পদে ৷ এইজনেই আদৰ্শ প্ৰেমিক আদৰ্শ যুৱক এজন মহান পুৰুষলৈ খোজ দিলে, সেই যুৱকজনেই ভাস্কৰ বৰুৱা ৷
এই সুযোগতে তোমালৈ ধন্যবাদ জ্ঞাপন কৰিলো ৷ তুমি নাৰীৰ জীৱনৰ হৃদয়ৰ ক্ৰন্দনৰ উচুপনি সাৰ্থক শ্ৰোতা ৷ধন্য তুমি ৷ তোমালোকে খোজ দিয়া যুগমীয়া কৰিবলৈ যুগ্ম জীৱন ৷ বৰ্ষাৰাণী আমাৰ বৰ মৰমৰ বৰ চেনেহৰ ৷ তোমালোকৰ যুগ্ম জীৱনলৈ শুভকামনা জনালো ৷
লেখিকাৰ ঠিকনা : ডিগবৈ
ফোন নং- ৯৯৫৪৫১০১৩৭
*****
(আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি