যুগ্ম জীৱনলৈ শুভকামনা
✍ মঞ্জুলা বড়া এগৰাকী ষোড়শী গাভৰুৰ মৰমলগা হাঁহি সুন্দৰ কথোপকথন, মনোমোহা ব্যক্তিত্ব। ইমানেই তেওঁৰ বাহিৰে আমি একো নাজানো ৷ আমি সকলো তেওঁৰ প্ৰেমত পৰিলো ৷ সুন্দৰ অভিনয় বাবেই আমি তেওঁৰ প্ৰেমত মুগ্ধ ৷ তেওঁ জনপ্ৰিয় হৈ পৰিল সকলোৰে ৷ সেয়েহে তেওঁৰ অভিনীত ছবিৰ সংখ্যা আঙুলিৰ মুৰত গণিব নোৱাৰা হ’ল৷ ছবিৰ সংখ্যা বাঢ়িল ৷ তেওঁ যিখন ছবিত নাথাকে উকা উকা লগা হ’ল আমাৰ ৷ নতুন প্ৰজন্মইও বাঃ বাঃ দি আদৰি ল’লে তেওঁক ৷ হঠাৎ তেওঁৰ জীৱনলৈ আহিল ধুমুহা ৷ বিবাহ নামৰ ধুমুহাৰ বাবে ক্ষন্তেক থমকিবলগীয়া হ’ল যদিও অভিনয় জগতত তেওঁক লগ পাই থাকিলো ৷ নানা অভিজ্ঞতা গোটাই থৈছিল অভিনয় জীৱনৰ পৰা ৷ আগবাঢ়িল প্ৰকৃত জীৱনৰ উন্নতিৰ দিশে ৷ তাতো পালে তেওঁ বাঃ