শুকান পাতৰ জুনুকা বজাই
ফাগুনী মলয়াই
তুমি অহাৰ কথাকে ক’লে
মদাৰ পলাশ শিমলুৰ ৰঙা ৰঙে
ৰঙৰ মেলা ফাকুৱা পাতে।
অনাদৰী মদাৰে
পলাশৰ লগত ফেৰ মাৰি
আকাশত ৰঙৰ অগনি জ্বলাই
বিদ্ৰোহ ঘোষণা কৰে
উৰ্বৰতাৰ প্ৰতীক ময়ো ।
পছোৱা জাকে
ধনী-দুখীয়াৰ শিৰত
ধুলি বুলাই
সমতাৰ কথাকে ক’লে ।
ওখ বিৰিখৰ সেউজীয়া আবিৰে
বসন্ত আগমণৰ শঙ্খ বজাই
বিনাশৰ ভেটিত সৃষ্টিৰ
জাননী দিলে ।
তথাপিও বা ৰিব্ ৰিব্ মলয়াই
ৰুণজুণ ৰুণজুণ
গুণ গুণ গুণ গুণ কৈ
ৰঙৰ মেলা ফাকুৱা পাতে ।
নিভৃতে নিৰৱে
আবিৰৰ সতে আলিঙ্গনৰ
আকুল আহ্বান
আকুণ্ঠ হৃদয় বননিত
আজি মন ফাগুন ফাগুন।
কবিৰ ঠিকনা : কাকী, হোজাই
দূৰভাষ : 8099219628
*****
(আপুনি এই কবিতাটি পঢ়ি কেনে পালে? তলৰ কমেণ্ট বাকচত মতামত জনাবলৈ নাপাহৰিব৷ লগতে আপুনিও পঠিয়াব পাৰে আপোনাৰ প্ৰৱন্ধ, গল্প, কবিতা, চিন্তা ইত্যাদি৷ আমি প্ৰকাশ কৰিম আপোনাৰ মনৰ বতৰা৷
আপোনাৰ লেখাসমূহ প্ৰেৰণ কৰকঃ
ই-মেইল : sangbadprahari@gmail.com
নতুবা
হোৱাটচএপ : +917578801008