লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহৰ ভিতৰত দেৱাগুৰি আদৰ্শ জাতীয় বিদ্যালয়ো অন্যতম । অসম জাতীয় বিদ্যালয়ৰ আৰ্হিৰে পৰিচালিত দেৱাগুৰি আদৰ্শ জাতীয় বিদ্যালয়খনে সগৌৰৱেৰে পঞ্চমটো বৰ্ষ অতিক্ৰম কৰি ষষ্ঠ বৰ্ষত খোজ পেলাইছে । অতি কম সময়তে সুখ্যাতি লাভ কৰা বিদ্যালয়খনত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক অভিনন্দন অনুষ্ঠান । উল্লেখ্য যে, ২০২০ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আনাৰুল ইছলাম, আছিফ নাজাৰসহ বহু কেইগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই অনা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ জাপি, ফুলাম গামোচাৰ লগতে নগদ ধন সহ অভিনন্দন পত্ৰ প্ৰদান কৰা হয়। একেদৰে ৯০ শতাংশতকৈ অধিক নম্বৰ লাভ কৰা বিদ্যালয়খনৰ আন আন ছাত্ৰ-ছাত্ৰী সকলকো এপিজে আব্দুল কালাম বঁটা প্ৰদান কৰাৰ লগতে নগদ ধনৰ টোপোলা আগবঢ়ায় ।বিদ্যালয়খনৰ অধ্যক্ষই আঁত ধৰা অনুষ্ঠানটিত শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকলৰ উপৰি ভালেসংখ্যক লোকে অংশগ্ৰহণ কৰে ।