Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 10:27 am

Home » আঞ্চলিক » অসম » প্ৰিয়ংকা গান্ধীৰ দুদিনীয়া অসম ভ্ৰমণ : অসমৰ বাবে কংগ্ৰেছৰ পাঁচ গেৰাণ্টী

প্ৰিয়ংকা গান্ধীৰ দুদিনীয়া অসম ভ্ৰমণ : অসমৰ বাবে কংগ্ৰেছৰ পাঁচ গেৰাণ্টী

গুৱাহাটী : এটি কলি দুটি পাত… ৷ চাহ বাগিচাৰ মাজে মাজে প্ৰিয়ংকা গান্ধী৷ লগে-ভাগে কৰিলে ঝুমুৰ নৃত্য৷ চাহ বাগিচাত চাহপাত ছিঙি শ্ৰমিকৰে সৈতে বাৰ্তালাপ প্ৰিয়ংকাৰ৷
মঙলবাৰে পুৱাই প্ৰিয়ংকা গান্ধী উপস্থিত হয় বিশ্বনাথৰ সাধাৰু বাগিচাত। চাহ শ্ৰমিকসকলৰ সৈতে পাত তোলাৰ লগতে শ্ৰমিকসকলৰ মনৰ বুজ লয় কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে।
অসম বচাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী। সোমবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে কামাখ্যাধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস লয় প্ৰিয়ংকা গান্ধীয়ে। তাৰ পিছত ৰাওনা হয় লখিমপুৰলৈ। লখিমপুৰত কেইবাটাও দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে নেত্ৰীগৰাকীয়ে। লখিমপুৰৰ পৰা প্ৰিয়ংকা গান্ধী উপস্থিত হয় গহপুৰত। গহপুৰত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিশা বিশ্বনাথত কটায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
মঙলবাৰে পুৱাই প্ৰিয়ংকা গান্ধী উপস্থিত হয় বিশ্বনাথৰ সাধাৰু বাগিচাত। চাহ শ্ৰমিকসকলৰ সৈতে পাত তোলাৰ লগতে শ্ৰমিকসকলৰ মনৰ বুজ লয় কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। চাহ শ্ৰমিকসকলৰ সৈতে কিছু সময় কটোৱাৰ লগতে চাহ বাগিচাৰ সৌন্দৰ্যও উপভোগ কৰে প্ৰিয়ংকা গান্ধীয়ে। তাৰ পিছত ভাগ লয় তেজপুৰৰ এক বিশাল জনসভাত৷ জয় আই অসম ধ্বনিৰে আৰম্ভণিৰে কৰিলে নিজৰ ভাষণ৷ অসমৰ বাবে দিলে পাঁচটাকৈ গেৰাণ্টী৷
গেৰাণ্টী-১ : কংগ্ৰেছ চৰকাৰত আহিলে অসমৰ পৰা বাতিল হব ‘কা’
গেৰাণ্টী-২ : চাহ শ্ৰমিকৰ মজুৰি ৩৬৫ টকাকৈ বৃদ্ধি
গেৰাণ্টী-৩ : বছৰে ১ লাখকৈ পাঁচ বছৰত দিব পাঁচ লাখ চাকৰি
গেৰাণ্টী-৪ : প্ৰতিমাহে ২০০ ইউনিটলৈ বিজুলী বিনামূলীয়া
গেৰাণ্টী-৫ : মহিলাসকললৈ প্ৰতি মাহে দিব ২ হাজাৰকৈ টকা
এই পাঁচ গেৰাণ্টী কংগ্ৰেছৰ নহয়, এই গেৰাণ্টী অসমৰ জনতাৰ কলে কংগ্ৰেছ নেতা জীতেন্দ্ৰ সিঙে৷ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ উপস্থিতিত অনুষ্ঠিত এই জনসভাতেই কংগ্ৰেছ পাঁচ গেৰাণ্টীৰে সৈতে ভাষণ প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, দেবব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, সুষ্মিতা সেন আৰু ৰকিবুল হুছেইনেও৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি