| | | |

প্ৰিয়ংকা গান্ধীৰ দুদিনীয়া অসম ভ্ৰমণ : অসমৰ বাবে কংগ্ৰেছৰ পাঁচ গেৰাণ্টী

গুৱাহাটী : এটি কলি দুটি পাত… ৷ চাহ বাগিচাৰ মাজে মাজে প্ৰিয়ংকা গান্ধী৷ লগে-ভাগে কৰিলে ঝুমুৰ নৃত্য৷ চাহ বাগিচাত চাহপাত ছিঙি শ্ৰমিকৰে সৈতে বাৰ্তালাপ প্ৰিয়ংকাৰ৷ মঙলবাৰে পুৱাই প্ৰিয়ংকা গান্ধী উপস্থিত হয় বিশ্বনাথৰ সাধাৰু বাগিচাত। চাহ শ্ৰমিকসকলৰ সৈতে পাত তোলাৰ লগতে শ্ৰমিকসকলৰ মনৰ বুজ লয় কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। অসম বচাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী। সোমবাৰে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে কামাখ্যাধামত উপস্থিত হৈ মা কামাখ্যাৰ আশিস লয় প্ৰিয়ংকা গান্ধীয়ে। তাৰ পিছত ৰাওনা হয় লখিমপুৰলৈ। লখিমপুৰত কেইবাটাও দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰে নেত্ৰীগৰাকীয়ে। লখিমপুৰৰ পৰা প্ৰিয়ংকা গান্ধী উপস্থিত হয় গহপুৰত। গহপুৰত দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰি নিশা বিশ্বনাথত কটায় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। মঙলবাৰে পুৱাই প্ৰিয়ংকা গান্ধী উপস্থিত হয় বিশ্বনাথৰ সাধাৰু