নতুন দিল্লী : অসমকে ধৰি দেশৰ ৫ খন ৰাজ্য ক্ৰমে কেৰালা, পশ্চিমবংগ, তামিলনাডু আৰু পডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত সুনিল অৰোৰাই জানিবলৈ দিয়া মতে, অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চ, দ্বিতীয় পৰ্যায়ত ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায় ৬ এপ্ৰিলত অসমত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত নিৰ্বাচনৰ বাবে ২ মাৰ্চত অধিসূচনা জাৰি কৰিব। এই পৰ্যায়ত প্ৰাৰ্থীয়ে ৯ মাৰ্চলৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ১০ মাৰ্চত মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ’ব। মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ ১২ মাৰ্চ। আনহাতে, ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ মাৰ্চত অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত প্ৰাৰ্থীসকলে ১২ মাৰ্চলৈকে মনোনয়নপত্ৰ দাখিল কৰিব পাৰিব। ১৫ মাৰ্চত মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ’ব। মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ ১৭ মাৰ্চ। ইপিনে, তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ১২ মাৰ্চত অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীয়ে ১৯ মাৰ্চলৈকে মনোনয়নপত্ৰ দাখিল কৰিব পাৰিব। ২০ মাৰ্চত মনোনয়নপত্ৰ সমূহ পৰীক্ষা কৰা হ’ব। মনোনয়নসমূহ প্ৰত্যাহাৰৰ শেষ তাৰিখ ২২ মাৰ্চ। প্ৰাৰ্থীসকলে অনলাইনৰ জৰিয়তে মনোনয়নপত্ৰ জমা দিব পাৰিব। অহা ২ মে’ত ভোটগণনাৰ দিন ধাৰ্য কৰা হৈছে।
উল্লেখযোগ্য যে, কোৱিড-19ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসমূহত ২ লাখ ৭০ হাজাৰটা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। ৫ খন ৰাজ্যৰ ৮২৪ টা সমষ্টিত ১৮ কোটি ভোটদাতাই ভোটদান সাব্যস্ত কৰিব। নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি কোৱিড আক্ৰান্ত আৰু লক্ষণযুক্তসকলৰ বাবে পৃথক ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব। তদুপৰি ভোটদানৰ সময়সীমা ১ ঘণ্টা বৃদ্ধি কৰা হ’ব। ইফালে নিৰ্বাচন আয়োগে নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ঘৰে ঘৰে প্ৰচাৰ চলোৱাৰ সময়ত মাত্ৰ ৫ জন লোক যাব পাৰিব।