বিধায়ক শুকুৰ আলীয়ে কৰিব নোৱাৰা কাম কৰিলে ৰাইজে

বৰপেটা : আছে গৰু নাবায় হাল, থকাতকৈ নথকাই ভাল৷ কথাষাৰ প্ৰযোজ্য হৈছে বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বিধায়ক শুকুৰ ক্ষেত্ৰত৷ বিধায়কগৰাকীয়ে দিছপুৰত শুই-বহি কটোৱাৰ সময়ছোৱাতেই স্থানীয় ৰাইজে দাঙি ধৰিলে এক নিদৰ্শন৷ বিধায়কৰ দ্বাৰা বা বিধায়কৰ সহযোগত নহয়, ৰাইজে সলনি কৰিলে মহাবাহুৰ সোঁত৷ “ৰাইজে নখ জোকাৰিলে নৈ বয়৷ এই বাক্যটো সৰোগত কৰি দক্ষিণ বৰপেটা বৃহত্তৰ গৰেমাৰী পথাৰ, গৰেমাৰী হাবি, বিলৰটাৰী, ৰহমপুৰ আৰু কাষৰীয়া গাৱঁৰ ৰাইজে ললে এক নতুন সিদ্ধান্ত ৷ বছৰ বছৰ ধৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া আৰু চৰকাৰৰ বিভাগীয় কৰ্মচাৰীৰ অনীহা আৰু ধন সৰকোৱাৰ নীতিৰ বিপৰীতে তেওঁলোকে নিজেই পদক্ষেপ হাতত তুলি ললে ৷ চৰকাৰী পাৰ্কুপাইনৰ দ্বাৰা নদীৰ সোঁত সলনি নহয় কিয়নো সেইবোৰ এটা পাৰত পেলাই থয় ৷ তাৰ পৰিবৰ্তে নদীৰ মাজেৰে বাঁহ

| | |

অসমকে ধৰি দেশৰ ৫ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

নতুন দিল্লী : অসমকে ধৰি দেশৰ ৫ খন ৰাজ্য ক্ৰমে কেৰালা, পশ্চিমবংগ, তামিলনাডু আৰু পডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত এখন সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত সুনিল অৰোৰাই জানিবলৈ দিয়া মতে, অসমত তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত অহা ২৭ মাৰ্চ, দ্বিতীয় পৰ্যায়ত ১ এপ্ৰিল আৰু তৃতীয় পৰ্যায় ৬ এপ্ৰিলত অসমত নিৰ্বাচন অনুষ্ঠিত হ’ব। প্ৰথম পৰ্যায়ত নিৰ্বাচনৰ বাবে ২ মাৰ্চত অধিসূচনা জাৰি কৰিব। এই পৰ্যায়ত প্ৰাৰ্থীয়ে ৯ মাৰ্চলৈকে মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। ১০ মাৰ্চত মনোনয়নপত্ৰসমূহ পৰীক্ষা কৰা হ’ব। মনোনয়নপত্ৰ প্ৰত্যাহাৰৰ শেষ তাৰিখ ১২ মাৰ্চ। আনহাতে, ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৫ মাৰ্চত অধিসূচনা জাৰি কৰা হ’ব। এই পৰ্যায়ত প্ৰাৰ্থীসকলে ১২ মাৰ্চলৈকে মনোনয়নপত্ৰ দাখিল