Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 12:33 pm

Home » আঞ্চলিক » অসম » সতীয়া পিতৃৰ কামনাৰ বলি ১২ বছৰীয়া নাবালিকা

সতীয়া পিতৃৰ কামনাৰ বলি ১২ বছৰীয়া নাবালিকা

আলম ছাৰোৱাৰ, হাউলী :
মানৱ ৰূপী কিছু পাশৱীক চৰিত্ৰৰ লোকৰ কৰ্ম-কাণ্ডই কেতিয়াবা লজ্জানত কৰে সভ্য সমাজক আৰু তেনে এক জঘন্য কাণ্ড সংঘটিত হৈছে হাউলীত৷ সতীয়া পিতৃৰ কামনাৰ বলি ১২ বছৰীয়া নাবালিকা৷ বৰপেটা জিলাৰ হাউলী চহৰৰ ৪ নং ৱাৰ্ডত সংঘটিত হৈছে এই জঘন্য ঘটনা৷ পিতৃ-কণ্যাৰ সম্পৰ্ক কলঙ্কিত কৰি কন্যাক চলাই আহিছিল যৌন নিৰ্যাতন৷ মানৱ ৰূপী কিছু পাশৱীক চৰিত্ৰৰ লোকজনৰ নাম ৰফিকুল ইছলাম৷ স্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে দ্বিতীয় পত্নীয়ে৷ আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে পাষণ্ড ৰফিকুল ইছলামক৷
প্ৰায় দহ বছৰ পূৰ্বে লম্পট ৰফিকুল ইছলাম নামৰ লোকজনে এটি প্ৰায় তিনি বছৰীয়া কণ্যা সন্তান সহ এগৰাকী মহিলাক বিয়া কৰায় আৰু সেই গৰাকী দ্বিতীয় পত্নী,কন্যাৰ সৈতে হাউলী চহৰত ভাৰাটীয়া হিচাপে থকা ৰফিকুল ইছলাম(৪৮) নামৰ ব্যাক্তি জনে দীৰ্ঘদিন ধৰি বিভিন্ন ধৰণৰ ভয়-ভাবুকিৰে পিতৃ-কন্যাৰ সম্পৰ্ক কলঙ্কিত কৰি কন্যাক চলাই আহিছিল যৌন আতিশয্য।পাখণ্ড পিতৃৰ এনে জঘন্য ঘটনা আন ভাৰাতীয়া সকলে প্ৰত্যক্ষ কৰাত পিতৃ ৰফিকুল ইছলামৰ সমস্ত কুকৰ্মৰ বিষয়ে পত্নীক অৱগত কৰে ৷ ইফালে নাবালিকা গৰাকীয়েও পিতৃৰ কুকৰ্মৰ কথা মাতৃৰ আগত প্ৰকাশ কৰাৰ পাছতে মহিলা গৰাকীয়ে স্বামীৰ বিৰুদ্ধে হাউলী থানাত এটি গোচৰ তৰে আৰু আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 376 AB/306 ধাৰাৰ লগতে R/W SEC 6 OF POCSO ACT ধাৰাত গোচৰ পঞ্জীয়ন কৰে। মাতৃৰ এজাহাৰৰ ভিত্তিতে ইতিমধ্যে হাউলী আৰক্ষীয়ে আটক কৰিছে পাষণ্ড পিতৃ ৰফিকুল ইছলামক ৷ ইফালে লক ডাউনৰ সময়ৰ পৰাই ভয় ভাবুকিৰে নাবালিকা গৰাকীৰ সৈতে শাৰিৰীক সম্পৰ্ক স্থাপনৰ কথা স্বীকাৰ কৰিছে লোকজনে ৷ পাষণ্ড পিতৃৰ এনে লজ্জাজনক ঘটনাক লৈ এতিয়া সমগ্ৰ হাউলী চহৰতে সৃষ্টি হৈছে চাঞ্চল্যৰ ৷ এনে ঘটনাৰ যাতে পুনৰাবৃতি নহয় তাৰবাবে দৃষ্টান্তমূলক শাস্তিৰ দাবী জনাইছে সচেতন ৰাইজে ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি