প্ৰতিবেদন ৩ : দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগত ব্যাপক কেলেংকাৰী
ব্যুৰ’ সংবাদ : এগৰাকী ম’ষ্ট পাৱাৰফুল কনিষ্ঠ অভিযন্তা৷ মুখ্যমন্ত্ৰী কিম্বা নিৰ্বাচনী বিষয়াইও সলাব নোৱাৰে তেওঁৰ চকী? পিছে কোন এইগৰাকী কনিষ্ঠ অভিযন্তা? নাম –হাৰুণ আল ৰছিদ৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তা তেওঁ৷ ৩ বছৰ নাইবা ৬ বছৰ নহয়, ২৪ বছৰেও একেটা স্থানতে ৰাজত্ব চলাই আহিছে এইগৰাকী ম’ষ্ট পাৱাৰফুল কনিষ্ঠ অভিযন্তা৷ বদলিৰ নিৰ্দেশ আহিলেও ডণ্ট কেয়াৰ৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত এইগৰাকী হাৰুণ আল ৰচিদে কেনেদৰে লুণ্ঠনৰাজ অব্যাহত ৰাখিছে, সোয়া আমি পূৰ্বতেই বিস্তাৰিত ৰূপত প্ৰখাশ কৰিছো৷ এয়া প্ৰতিবেদন ৩৷ এই প্ৰতিবেদনত নাম সাঙোৰ খাইছে উত্তৰ কাছাৰ পাৰ্বত্য জিলাৰ এহেজাৰ কোটি টকীয়া কেলেংকাৰীৰ নায়ক আৰ এইচ খানৰ৷ একাংশ স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে পঞ্চায়তে পঞ্চায়তে শৌচালয় নিৰ্মাণৰ পৰা আৰম্ভ কৰি