Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:19 pm

Home » আঞ্চলিক » অসম » সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন

গণতন্ত্ৰৰ মৃত্যু হৈছে, ধৰ্ম নিৰপেক্ষতা ধ্বংস হৈছে ঃ অজিত কুমাৰ ভূঞা
সাংবাদিক ভাস্কৰজ্যোতি বৰাক ‘সংবাদ প্ৰহৰী বঁটা-২০২১’ প্ৰদান

গুৱাহাটী : দেশত ক্ৰমাৎ বৃদ্ধি পোৱা অৰাজকতাই প্ৰমাণ কৰে যে সম্প্ৰতি দেশত গণতন্ত্ৰৰ মৃত্যু হৈছে আৰু একেদৰে ধৰ্ম নিৰপেক্ষতাও ধ্বংস হৈছে৷ সংবিধানৰ নামত শপত গ্ৰহণ কৰা জনপ্ৰতিনিধিসকলেই সংবিধানক অপমান কৰিবলৈ কুণ্ঠাবোধ কৰা নাই৷ এই ক্ষেত্ৰত অৱশ্যে একাংশ সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকেও হাত উজান দি আহিছে৷ সেইবুলি সকলো সংবাদ প্ৰতিষ্ঠান বা সাংবাদিকক দোষাৰূপ কৰা নাই৷ যাৰ বাবে এতিয়া সাধাৰণ ৰাইজেও বিষয়বোৰ ভালদৰে বিচাৰ-বিবেচনা নকৰাকৈয়ে সংবাদ প্ৰতিষ্ঠান আৰু সাংবাদিকক গালি পাৰিবলৈ আৰম্ভ কৰিছে৷ এই মন্তব্য– ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ৷ 

ৱেব প’ৰ্টেল সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সংবাদ মাধ্যম সন্দৰ্ভত ভূঞাই আৰু কয় যে কাকতৰ পিছত টিভি আৰু টিভিৰ পিছত শেহতীয়াকৈ পৰ্টেলৰ যি গুৰুত্ব এয়া ভবাৰ অগোচৰ৷ কিয়নো, কোনো দিনেই চিন্তাতেই অহা নাছিল যে এটা সময়ত খবৰবোৰ হাতৰ মুঠিতে থাকিব, যেতিয়া মন যায়, তেতিয়াই চাব বা শুনিব পৰা যাব৷ সেয়ে পৰৱত¹ সময়ত সংবাদ মাধ্যম কোন দিশে গতি কৰিব এতিয়া কল্পনাই কৰিব পৰা নাযায়৷ তেওঁ আৰু কয় যে সম্প্ৰতি একাংশ সংবাদ মাধ্যমে চৰকাৰক তৈলমৰ্দনতহে ব্যস্ত৷ তাৰে মাজতে একাংশ সত্যনিষ্ঠ সাংবাদিকৰ দ্বাৰা পৰিচালিত সংবাদ প্ৰতিষ্ঠানে কিন্তু কোনো ধৰণৰ ভয়-ভাবুকিক কেৰেপ নকৰি গণতন্ত্ৰ আৰু ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ স্বাৰ্থত কাম কৰি আছে৷ এই ক্ষেত্ৰত কিন্তু সংবাদ প্ৰহৰীৰ দৰে ৱেব পৰ্টেলৰ ভূমিকা লক্ষণীয়৷ উল্লেখ্য যে অসমৰ প্ৰথমটো অসমীয়া ৱেব মিডিয়া সংবাদ প্ৰহৰীৰ ষষ্ঠ বৰ্ষপূৰ্তি অনুষ্ঠান আজি অসম সাহিত্য সভা ভৱনত দিনযোৱা কাৰ্যসূচীৰে অনুষ্ঠিত হয়৷ উক্ত অনুষ্ঠানতেই বিশিষ্ট সাংবাদিক তথা আছাম টক্‌চৰ ইনপুট এডিটৰ ভাস্কৰজ্যোতি বৰাক ২০২১ বৰ্ষৰ সংবাদ প্ৰহৰী বঁটাৰে সন্মানিত কৰা হয়৷ সম্পাদক বুলবুল জামানুৰে আঁত ধৰা অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, বিশিষ্ট অতিথি হিচাপে দৈনিক গণ অধিকাৰ কাকতৰ সঞ্চালক ছাজাহান তালুকদাৰ, কবি তথা সংগ্ৰামী নেতা কমল কুমাৰ মেধি, সন্মানীয় অতিথি হিচাপে জ্যেষ্ঠা সাংবাদিক অমল গুপ্ত, আমন্ত্ৰিত অতিথি হিচাপে আধুনিক অসমৰ সম্পাদক আকবৰ মজুমদাৰ, কলগাছিয়াৰ নৱজ্যোতি মহাবিদ্যালয় সহযোগী অধ্যাপক আব্দুল হালিম আহমেদ, ট্ৰু হেল্প চেৰিটেবল ট্ৰাষ্টৰ অধ্যক্ষ ৰফিকুল ইছলামে অংশগ্ৰহণ কৰি নিজ নিজ ভাষণত সংবাদ প্ৰহৰীৰ এই যাত্ৰাক ভূয়সী প্ৰশংসা কৰে৷ ইপিনে 
অনুষ্ঠানটোত সমাজ-সেৱক সোমনাথ নাৰ্জাৰী, আবিদুৰ ৰহমান, জাকিৰ হুছেইন, অভিযন্তা আনিছুৰ ৰহমান, কবি-সাহিত্যিক এন হক [জান]সহ পাঁচগৰাকী ব্যক্তি আৰু ট্ৰু হেল্প চেৰিটেবল ট্ৰাষ্ট, ৰেডিয়েন্স একাডেমী কলগাছিয়া আৰু ছফু্‌ট এন টেকসহ তিনিটাকৈ প্ৰতিষ্ঠানক সংবাদ প্ৰহৰী বিশেষ সন্মানেৰে সন্মানিত কৰা হয়৷ একেদৰে শিক্ষক, সাংবাদিক, সমাজ-সেৱক, কবি, সাহিত্যিক, শিল্পীকে আদি কৰি বিভিন্ন শিতানত অগ্ৰণী ভূমিকা পালন কৰা কুৰিগৰাকী লোকক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ আনহাতে একেটা অনুষ্ঠানতে ছেভ পাব্লিচাৰ্ছৰ দ্বাৰা প্ৰকাশিত আৰু উদীয়মান কবি এন এ ৰুবুল মিৰ্জাৰ কাব্য সংকলন ‘যেন এক কাৰ্যক্ৰমণিকাৰ তমসা ৰাতি’ উন্মোচন কৰে কবি কমল কুমাৰ মেধিয়ে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি