Weather Data Source: wetter Bangalore 14 tage

June 24, 2025 7:42 pm

Home » আঞ্চলিক » অসম » সাংবাদিকৰ নিৰাপত্তা আৰু সংবাদ প্ৰতিষ্ঠানৰ বিভিন্ন সমস্যা সমাধানৰ দাবী

সাংবাদিকৰ নিৰাপত্তা আৰু সংবাদ প্ৰতিষ্ঠানৰ বিভিন্ন সমস্যা সমাধানৰ দাবী


মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্র-মজলীয়া বাতৰি কাকত সন্থাৰ

গুৱাহাটী : ৰাজ্যৰ সাংবাদিকসকলৰ সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া সংবাদ প্ৰতিষ্ঠানৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্র-মজলীয়া বাতৰি কাকত সন্থা’ই মুখ্যমন্ত্ৰীলৈ ১৬ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে৷ সন্থাৰ সভাপতি অৰুণ ভাগবতী আৰু সাধাৰণ সম্পাদক আকবৰ মজুমদাৰৰ নেতৃত্বত এটা সজাতি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গৈ এই পত্ৰ প্ৰদান কৰাৰ লগতে আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সন্থাৰ এই দাবীসমুহ সমাধান কৰিবলৈ দাবী জনায়৷ 
উল্লেখ্য যে স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি সাংবাদিক আৰু সংবাদ প্রতিষ্ঠানসমূহক সকলো প্ৰকাৰৰ সুৰক্ষা প্রদান কৰা, অসমৰ বিভিন্ন প্রান্তৰপৰা প্রকাশ পাই থকা ক্ষুদ্র-মজলীয়া বাতৰি কাকত আৰু আলোচনীৰ পঞ্জীয়নৰ বাবে জনসংযোগ বিভাগত পৰি থকা আৱেদনসমূহ অতি শীঘ্ৰে কার্যকৰী কৰা, সাংবাদিকসকলক চৰকাৰী ভূমি তথা গৃহ নির্মাণৰ তৎকাল ব্যৱস্থা গ্ৰহণ কৰা, ১৯৯১ চনৰপৰা আজিলৈকে ৩২ গৰাকী সাংবাদিক আততায়ীৰ হাতত প্রাণ হেৰুৱা প্ৰতিটো পৰিয়ালত চৰকাৰী চাকৰিৰ ব্যৱস্থা কৰা, সাংবাদিকসকলৰ পেঞ্চন আঠ হাজাৰ টকাৰপৰা বিছ হাজাৰ টকালৈ বৃদ্ধি কৰা, প্রতিবছৰ ২৬ জানুৱাৰীত জ্যেষ্ঠতাৰ ভিত্তিত যুৱ আৰু মহিলা সাংবাদিকক প্রেৰণামূলক বঁটাৰ ব্যৱস্থা কৰা, মহিলা সাংবাদিকৰ ক্ষেত্ৰত শাৰীৰিক, আর্থিক আৰু সামাজিক সুৰক্ষাৰ ব্যৱস্থা কৰা, চৰকাৰী চিকিৎসালয়ত সাংবাদিকসকলৰ বাবে বিশেষ উন্নত চিকিৎসা আৰু নির্দিষ্ট কোঠালী সংৰক্ষণৰ ব্যৱস্থা কৰা, সংবাদ প্রতিষ্ঠানে স্বীকৃতি দিয়া জিলা আৰু মহকুমাৰ প্রতিজন সাংবাবাদিককে চৰকাৰী পৰিচয় পত্র দিয়াৰ ব্যৱস্থা কৰা, চৰকাৰৰ বিধি অনুযায়ী ডিজিটেল ৱেব পৰ্টেলসমূহৰ পঞ্জীয়ন, বিজ্ঞাপন আৰু জনসংযোগ বিভাগৰ পৰিচয় পত্র প্রদানৰ ব্যৱস্থা কৰা, সাংবাদিকসকলৰ সন্তান-সন্ততিৰ বাবে চিকিৎসা বিজ্ঞান, অভিযান্ত্রিক পাঠ্যক্ৰমৰ বাবে পাঁচটাকৈ আৰু প্ৰতিখন জিলা-মহকুমাৰ কেন্দ্ৰীয় আৰু নবোদয় বিদ্যালয়ত দহটাকৈ আসন সংৰক্ষণৰ ব্যৱস্থা কৰা, জনসংযোগ বিভাগৰ দ্বাৰা প্ৰতিবছৰে নির্বাচিত কৰা ফেলশ্বিপৰ বাবে ন্যূনতম দুই লাখ টকা ধার্য কৰাৰ লগতে নির্বাচক মণ্ডলীলৈ সন্থাৰ এজন সাংবাদিকক প্রতিনিধি হিচাপে ৰখাৰ ব্যৱস্থা কৰা, প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই জাৰী কৰা নীতি-নিয়ম সম্পূৰ্ণৰূপে পালন কৰি ক্ষুদ্ৰ কাকত-আলোচনীত বিজ্ঞাপন দিয়াৰ ব্যৱস্থা কৰা, প্রতিজন সাংবাদিকক ‘সাংবাদিক চিকিৎসা আঁচনি’ত অন্তর্ভূক্ত কৰা, সদৌ অসম সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্র-মজলীয়া বাতৰি কাকত সন্থাৰ বাবে গুৱাহাটী মহানগৰত এটি কার্যালয় প্রতিষ্ঠাৰ বাবে এটুকুৰা মাটিৰ ব্যৱস্থা কৰা, অসম বিধান সভাৰ অধিৱেশনস্থলীত প্ৰৱেশৰ বাবে ক্ষুদ্র কাকতৰ সাংবাদিকলৈ বিথিকা পত্ৰৰ ব্যৱস্থা কৰা আৰু মন্ত্রী তথা বিধায়কসকলৰ লগত মত-বিনিময়ৰ সুবিধা প্রদান কৰাৰ বাবে দাবী জনায়৷ উক্ত স্মাৰক পত্ৰৰ প্ৰতিলিপি অসমৰ মুখ্যসচিব, জনসংযোগ বিভাগৰ আয়ুক্ত সচিব, সঞ্চালক আৰু অসম বিধান সভাৰ নৱনিয়ুক্ত সচিবলৈ প্রেৰণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি