সাংবাদিকৰ নিৰাপত্তা আৰু সংবাদ প্ৰতিষ্ঠানৰ বিভিন্ন সমস্যা সমাধানৰ দাবী
মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্র-মজলীয়া বাতৰি কাকত সন্থাৰ গুৱাহাটী : ৰাজ্যৰ সাংবাদিকসকলৰ সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া সংবাদ প্ৰতিষ্ঠানৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্র-মজলীয়া বাতৰি কাকত সন্থা’ই মুখ্যমন্ত্ৰীলৈ ১৬ দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ প্ৰদান কৰে৷ সন্থাৰ সভাপতি অৰুণ ভাগবতী আৰু সাধাৰণ সম্পাদক আকবৰ মজুমদাৰৰ নেতৃত্বত এটা সজাতি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত গৈ এই পত্ৰ প্ৰদান কৰাৰ লগতে আগন্তক বিধানসভা নিৰ্বাচনৰ পূৰ্বেই সন্থাৰ এই দাবীসমুহ সমাধান কৰিবলৈ দাবী জনায়৷ উল্লেখ্য যে স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি সাংবাদিক আৰু সংবাদ প্রতিষ্ঠানসমূহক সকলো প্ৰকাৰৰ সুৰক্ষা প্রদান কৰা, অসমৰ বিভিন্ন প্রান্তৰপৰা প্রকাশ পাই থকা ক্ষুদ্র-মজলীয়া বাতৰি কাকত আৰু আলোচনীৰ পঞ্জীয়নৰ বাবে জনসংযোগ বিভাগত পৰি থকা আৱেদনসমূহ অতি শীঘ্ৰে