| | | |

আত্মজাহৰ হুংকাৰ : নিযুক্তিৰ পৰা বঞ্চিত ভেঞ্চাৰ শিক্ষকৰ উচুপনি

২০২১ৰ বিধান নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চমক সৃষ্টি কৰি যোৱা ৫ ফেব্ৰুৱাৰীত প্ৰায় ত্ৰিছ হাজাৰ শিক্ষকক নিযুক্তি প্ৰদান কৰে ৰাজ্য চৰকাৰে৷ কিন্তু Enrollment তথা ছাত্ৰ-ছাত্ৰীৰ অনুপাত আৰু ডায়েছ কোডৰ বাবে এই নিযুক্তিৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ ভালে সংখ্যক শিক্ষক-শিক্ষয়িত্ৰী৷ বিশেষকৈ Enrollmentৰ ভিত্তিত নিযুক্তিৰ পৰা বঞ্চিত ভেঞ্চাৰ শিক্ষকসকলে সোমবাৰে দিছপুৰ লাষ্টগেটত সন্ধিয়ালৈকে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে৷ নিযুক্তিৰ পৰা বঞ্চিত এইসকল শিক্ষক-শিক্ষয়িত্ৰীয়ে অতি শীঘ্ৰে Enrollmentৰ সমস্যা সমাধান কৰি তেওঁলোকক নিযুক্তি দিবলৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনায়৷ অন্যথা আত্মজাহৰ হুংকাৰ প্ৰদান কৰিবলৈ বাধ্য হব বুলি উচুপি উঠে একাংশ শিক্ষকে৷

ঈশ্বৰক সন্তুষ্ট কৰিবলৈ ৬ বছৰীয়া পুত্ৰক হাত–ভৰি বান্ধি হত্যা

ৱেব সংবাদ : মহিলাগৰাকী নিজেই সন্তানসম্ভৱা। নতুনকৈ আৰু এটি প্ৰাণ পৃথিৱীলৈ আনিব। কিন্তু ইয়াৰ মাজতে ভয়ংকৰ ঘটনা ঘটালে মহিলাগৰাকীয়ে। আল্লাহক সন্তুষ্ট কৰিবলৈ আৰু স্বাৰ্থত্যাগৰ প্ৰমাণ দিবলৈ নিজৰ পুত্ৰ ওঁঠ কাটি হত্যা কৰে মাতৃয়ে। বিগত শনিবাৰে এই ঘটনা সংঘটিত হয় কেৰালাৰ পালাক্কাদ অঞ্চলত। আৰক্ষীৰ সূত্ৰ মতে, ছাহিদা নামৰ ৩০ বছৰীয়া মহিলাগৰাকী মাদ্ৰাছাৰ শিক্ষয়িত্ৰী। তেওঁ নিজেই ১১২ ইমাৰজেঞ্চী নম্বৰত ফোন কৰি পুত্ৰক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। লগে লগে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। মহিলাগৰাকীয়ে ঘৰতে ৰৈ আছিল। আৰক্ষীক ঘৰৰ ভিতৰলৈ লৈ যায় অভিযুক্ত মহিলাগৰাকীয়ে নিজেই। বাথৰুমৰ পৰা শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে। ৬ বছৰীয়া শিশুটিৰ ওঁঠ কটা আছিল আৰু দুই ভৰি বন্ধা আছিল। ছাহিদাৰ স্বামী ছুলেমান পেছাত টেক্সী চালক। ছাহিদাই তিনি সন্তানৰ