Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:50 pm

Home » আঞ্চলিক » অসম » বৰ্ণ সংকৰ গো- পোৱালিৰ প্ৰতিযোগিতামূলক প্ৰদৰ্শনী সম্পন্ন

বৰ্ণ সংকৰ গো- পোৱালিৰ প্ৰতিযোগিতামূলক প্ৰদৰ্শনী সম্পন্ন


প্ৰতিটো গো-পালক গোটে পাব পাঁচ লাখ টকাৰ ৰাজসাহায্য- বাক্সাৰ মৈৰাঝাৰত কৃত্ৰিম প্ৰজনন সম্পৰ্কীয় সজাগতা সভাত কাৰ্যবাহী সদস্য গৌতম দাস :
আনন্দ বজাৰ : বাক্সা জিলাৰ শালবাৰী মহকুমাৰ সাউদৰভিঠা ৰাজ্যিক পশু চিকিৎসালয়ৰ উদ্যোগত আজি জিলাখনৰ মৈৰাঝাৰত কৃত্ৰিম প্ৰজনন সম্পৰ্কীয় সজাগতা সভা অনুষ্ঠিত হোৱাৰ লগতে বৰ্ণসংকৰ জাতৰ গো- পোৱালিৰ প্ৰতিযোগিতামূলক প্ৰদৰ্শনী এখনৰো আয়োজন কৰা হয়। স্থানীয় ৪০৮ নং মৈৰাঝাৰ পাথাৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগনত আয়োজিত ব্যতিক্ৰমধৰ্মী সজাগতা সভাখনত সভাপতিত্ব কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক জামাল উদ্দিন আহমেদে।
সাউদৰভিঠা ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া ডাঃ মফিদুল ইছলামে উদ্দেশ্য ব্যাখ্যা আৰু সম্বৰ্দ্ধনা অনুষ্ঠান পৰিচালনা কৰা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিআৰৰ সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য (ই. এম) তথা স্থানীয় এম চি এল এ গৌতম দাসে পশুপালন আৰু পশুচিকিৎসা সংক্ৰান্তত ৰাইজৰ সজাগতা আৰু এইক্ষেত্ৰত চৰকাৰী সহায়- সহযোগিতা প্ৰদান সম্পৰ্কে প্ৰেৰণামূলক ভাষণ আগবঢ়ায়। ভাষণ প্ৰসংগত ই. এম গৌতম দাসে উঠি অহা যুৱক-যুৱতীয়ে চাকৰিৰ পিচত ঘূৰি ফুৰাৰ সমান্তৰালকৈ স্ব- নিয়োজনৰ বাবে ব্যৱসায় ভিত্তিত গো- পালন কৰিবলৈ আগ্ৰহী প্ৰতিটো গোটে সৰ্বোচ্চ পাঁচ লাখ টকালৈকে অপৰিশোধেয় ৰাজসাহায্য লাভ কৰিব বুলি উল্লেখ কৰে। আগন্তুক দুবছৰৰ ভিতৰত মৈৰাঝাৰত এখনি পশু উপ স্বাস্থ্যকেন্দ্ৰ নিৰ্মাণ কৰিব বুলিও তেওঁ উপস্থিত পশুপালক তথা কৃষক ৰাইজক আশ্বাস প্ৰদান কৰে।
সজাগতা সভাত নিমন্ত্ৰিত সন্মানীয় অতিথি ৰূপে যোগদান কৰি বিটিচি ( কোকৰাঝাৰ )ৰ বিস্তৃত গো-উন্নয়ন আঁচনিৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ আনোৱাৰা বেগমে উন্নত জাতৰ গো- পালনৰ লগতে বিজ্ঞান ভিত্তিক ছাগলী পালন, ভেৰা পালন, ম’হ পালন আদিতো মনোযোগ দিব লাগে বুলি কয়। কৃত্ৰিম প্ৰজনন তথা বৰ্ণ সংকৰ জাতৰ পশুধন কিদৰে পাব পাৰি আৰু অধিক লাভৱান হ’ব পৰা কৌশল সম্পৰ্কেও বিষয়া গৰাকীয়ে বহলাই বুজাই দিয়ে। আনহাতে উদ্যোক্তা সাউদৰভিঠা ৰাজ্যিক পশু চিকিৎসালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ মফিদুল ইছলামে বৰ্ণ সংকৰ জাতৰ গো-পোৱালিৰ উন্নত স্বাস্থ্যসন্মত যতন আৰু মাতৃ তথা গাই গৰুৰ ক্ষেত্ৰত লবলগীয়া সাৱধানতা আৰু আৱশ্যকীয় খাদ্য যোগান সংক্ৰান্তত এক গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে। সমল ব্যক্তি ডাঃ আব্দুল মালেক আৰু নিমন্ত্ৰিত অতিথি হিচাপে সজাগতা সভাত অংশগ্ৰহণ কৰা সংবাদ কৰ্মী তথা শিক্ষক হায়াত আলীয়েও বিজ্ঞানসন্মত উপায়েৰে উন্নত কৃষি কৰ্ম আৰু পশুপালনৰ জৰিয়তে নিবনুৱা সকলে প্ৰশংসনীয় স্বাৱলম্বিতাৰ দিশত মনোনিৱেশ কৰিলে সমাজ তথা দেশৰ প্ৰগতিত সহায়ক হব বুলি আশা প্ৰকাশ কৰে।
অনুষ্ঠানত পশু চিকিৎসক ডাঃ মুখলেচুৰ ৰহমান, শিক্ষক ৰামচন্দ্ৰ দাসকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি আৰু বহু সংখ্যক ৰাইজ উপস্থিত থাকে। ইপিনে সজাগতা সভাৰ প্ৰাৰম্ভণিতে বৰ্ণ সংকৰ জাতৰ গো-পোৱালিৰ প্ৰতিযোগিতামূলক প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে উন্মোচনকৰে মুখ্য অতিথি গৌতম দাসে। শতাধিক গো-পোৱালিৰ সমাগমেৰে অনুষ্ঠিত প্ৰদৰ্শনীত প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে মহিৰ উদ্দিন তালুকদাৰ, বিজয় কৰ্মকাৰ আৰু হাছমত আলীয়ে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি