| | |

চেংলিমাৰীৰ বিশিষ্ট ব্যক্তি হামিদ মিস্ত্ৰী আৰু নাই…

সাংবাদিক বুলবুল জামানুৰৰ ককাদেউতাৰ দেহাৱসান  বৰপেটা : সকলোকে কন্দুৱাই শতবছৰ অতিক্ৰমী চিৰদিনৰ বাবে ইহসংহাৰ ত্যাগ কৰিলে বৰপেটা জিলাৰ অন্তৰ্গত চেংলিমাৰী গাঁৱৰ বিশিষ্ট ব্যক্তি তথা সংবাদ প্ৰহৰীৰ সম্পাদক ছৈয়দ বুলবুল জামানুৰ হকৰ ককাদেউতা আব্দুল হামিদ (মিস্ত্ৰী)৷  ১৯ শতিকাৰ দ্বিতীয় দশকত বৰ্তমানৰ তাৰাবাৰী অঞ্চলত জন্মগ্ৰহণ কৰা আব্দুল হামিদে বৰলুইতৰ গৰাখহনীয়াই মাটি-ভেটি উছন কৰাৰ পিছত পিতৃৰ সৈতে একে জিলাৰে নকুচি অঞ্চলত বসবাস কৰে৷ উচ্চ প্ৰাথমিক শিক্ষা সাং কৰি মিস্ত্ৰী কৰ্মত জড়িত হৈ পৰা বাবে সকলোৱে মুখত হামিদ মিস্ত্ৰী হিচাপে জনাজাত আছিল৷ পৰৱৰ্তী সময়ত বিশেষ কাৰণত ধুমাৰ পথাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চেংলিমাৰী গাঁৱত আহি বসতি স্থাপন কৰে আৰু তেতিয়াৰ পৰাই অতিকে পিছপৰা এই অঞ্চলটোৰ এগৰাকী মুখিয়াল ব্যক্তি হিচাপে সমাজৰ বিভিন্ন উন্নয়নমূলক কাম-কাজত আগ-ভাগ লয়৷