| |

লাহৰীঘাটত শাসকীয় বিজেপি দলৰ যোগদান কাৰ্যসূচী

লাহৰীঘাট :  সমাগত বিধান সভা নিৰ্বাচন, নিৰ্বাচন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত বৃদ্ধি পাবলৈ ধৰিছে নিৰ্বাচনী তৎপৰতা। এই ক্ষেত্ৰত পিছপৰি থকা নাই শাসকীয় বিজেপি দলো। ৰবিবাৰে ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও জিলা সমিতিৰ উদ্যোগত তিনিচুকীয়া গাওঁ পঞ্চায়ত কমিউনিটি হলত যোগদান কাৰ্যসূচী আৰম্ভ কৰা হয়।  উক্ত সভাত উপস্থিত থাকে বিজেপি দলৰ জিলা কমিটিৰ সম্পাদক নিৰ্মল কোঁৱৰ ডাঙৰীয়াৰ লগতে বহু কেইগৰাকী দলীয় নেতা কৰ্মী। নিৰ্মল কোঁৱৰ দেৱে ভাষণ প্ৰসংগত কয় যে এইবাৰ ভাৰতীয় জনতা পাৰ্টিয়ে ১০০ মিছন সফল কৰি পুনৰবাৰ অসমত চৰকাৰ গঠন কৰিব । লগতে কংগ্ৰেছৰ দখলত থকা লাহৰীঘাট সমষ্টিৰ বিধায়ক নজৰুল ইছলামক কটু ভাষাৰে সমালোচনা কৰে। লগতে বিধায়ক নজৰুল ইছলামে সমষ্টিবাসীক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়