Weather Data Source: wetter Bangalore 14 tage

June 23, 2025 12:56 pm

Home » আঞ্চলিক » অসম » মৃতদেহ সমাধিস্থ কৰিবলৈ উলিয়াই নিবলৈ ভাঙিলে অবৈধ বেৰ

মৃতদেহ সমাধিস্থ কৰিবলৈ উলিয়াই নিবলৈ ভাঙিলে অবৈধ বেৰ

মৃতদেহ সমাধিস্থ কৰিবলৈ উলিয়াই নিবলৈ ভাঙিলে অবৈধ বেৰ :- 
আনন্দ বজাৰ : বৰপেটা জিলাৰ উত্তৰ বৰপেটাৰোডৰ শান্তিনগৰ- ৯ নং ৱাৰ্ডৰ এটা পথৰ অবৈধ দখল আজি উৎখাত কৰে স্থানীয় ৰাইজে। জানিব পৰা মতে কেবাবছৰ ধৰি ব্যৱহাৰ হৈ থকা ৬ ফুট বহল ৰাস্তাটো সন্মুখ ভাগৰ বাসিন্দা ৰশিদ আলী ওৰফে আব্দুৰ ৰশিদে বিগত কেই বছৰত অন্যায়ভাবে অলপ অলপকৈ চপাই যাতায়াত প্ৰায় বন্ধ কৰি পেলায়। বিবাদ মীমাংসাৰ বাবে ইতিপূৰ্বে তিনিবাৰকৈ ৰাইজ মেল বহে যদিও অভিযুক্ত ৰশিদে বিভিন্ন অজুহাত দেখুৱাই মেলত অনুপস্থিত থাকে। 

দীৰ্ঘদিনীয়া মনোমালিন্য দূৰ কৰি দিবলৈ বাৰম্বাৰ চেষ্টা চলোৱা বৰমূৰীয়া ৰাইজৰ বিৰুদ্ধে ওলোটাই থানা তথা আদালতত কেবাটাও ভুৱা আৰু বিভ্ৰান্ত গোচৰ তৰি হাৰাশাস্তি কৰাৰ লগতে নানা ভয় ভাবুকি প্ৰদান কৰি আহিছে বুলি ৰাজহুৱা অভিযোগ উঠিছে। 

আনকি স্থানীয় আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিজাববীয়া প্ৰাৰম্ভিক তদন্ত আৰু হস্তক্ষেপত যোৱা ২ জানুৱাৰীত একাংশ ছাত্ৰ সংগঠন তথা যুৱ সমাজৰ সহযোগত থানাতেই বিষয়টো নিষ্পত্তিৰ বাবে উভয় পক্ষক মাতি পঠোৱা হৈছিল। কিন্তু ৰাইজৰ প্ৰতিনিধি সকল যথা সময়ত গৈ থানা চৌহদত উপস্থিত হৈছিল যদিও অবৈধ ভাবে ৰাস্তাত অস্থায়ী বেৰা দি তলে তলে গছপুলি পৰ্যন্ত লগাই পথ বন্ধৰ ষড়যন্ত্ৰ কৰা অভিযুক্ত ৰশিদক কোনোমতেই কাষ চপাব নোৱাৰিলে বুলি প্ৰকাশ। তেনেস্থলত যোৱা ২৭ নৱেম্বৰ, ২০ আৰু ২৬ ডিচেম্বৰত তিনিবাৰকৈ ৰাইজ মেল পাতি আৰু স্থানীয় আৰক্ষী প্ৰশাসনৰ হস্তক্ষেপৰ পিছতো কাকো পৰুৱাই নকৰা ৰশিদৰ হিতেই বিপৰীত হ’ল পীড়িত এটি পৰিয়ালৰ এগৰাকী বিধৱাৰ অকাল মৃত্যুৰ ফলত। যোৱা নিশা প্ৰায় ১০ মান বজাত মৃত্যু হোৱা জাহিদুল ইছলাম (ৰাজু)ৰ মাতৃ জবেদা খাতুন (৪৮)ৰ মৃতদেহ সমাধিস্থ কৰিবলৈ উলিয়াই নিয়াৰ স্বাৰ্থত আজি আজি পুৱাৰ ভাগত জনতাৰ ক্ষোভৰ বহি:প্ৰকাশ ঘটে। 
অৱশেষত বিক্ষুব্ধ ৰাইজে অবৈধ বেৰ ভাঙি মৃতদেহ উলিয়াই নিয়াৰ ব্যৱস্থা কৰে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে। ইয়াৰ লগতে পীড়িত পৰিয়াল কেইটাই দীৰ্ঘদিনীয়া হাৰাশাস্তি তথা যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পোৱা বুলিও স্থানীয় অঞ্চলত ব্যাপক চৰ্চিত হৈছে।
আজি দিনৰ প্ৰায় ২ বজাত যোৱা নিশা মৃত্যু হোৱা জবেদা খাতুন (৪৮) ৰ শৱদেহ উক্ত ৰাইজৰ দ্বাৰা মুকলিকৃত পথেৰে উলিয়াই নি সন্মুখৰ আহল বহল খেতি পথাৰত জানাজা সম্পন্ন কৰা হয়। অগণণ গুণমুগ্ধৰ উপস্থিতিত স্থানীয় মদিনা মছজিদৰ ইমাম মৌলানা জাহাংগীৰ আলমৰ ইমামতিত সম্পন্ন উক্ত সমূহীয়া জানাজা নামাজৰ পিচত মৃতদেহ বৰপেটাৰোড খৈৰাবাৰী কবৰস্থানলৈ নি তাতে কবৰস্থ কৰা হয়। বিধৱা গৰাকীৰ অকাল বিয়োগত অঞ্চলটোত তীব্ৰ শোকৰ ছাঁ পৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি