Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 4:09 am

Home » আঞ্চলিক » অসম » সৰুক্ষেত্ৰীত কংগ্ৰেছে বজালে ২১ৰ ৰণ শিঙা: জনসমুদ্ৰত পৰিণত সৰুক্ষেত্ৰী

সৰুক্ষেত্ৰীত কংগ্ৰেছে বজালে ২১ৰ ৰণ শিঙা: জনসমুদ্ৰত পৰিণত সৰুক্ষেত্ৰী

কয়াকুছি পৰা দিলদাৰ হুছেইন : 
আমাৰ ৰাইজৰ মাজত বিভেদ আনিব বিচাৰা বিজেপিক এইবাৰ উচিত শিক্ষা দিব লাগিব আৰু সেই যুদ্ধ এই সৰুক্ষেত্ৰী সমষ্টিৰ পৰাই আৰম্ভ হল। যিখন চৰকাৰ মুখ্যমন্ত্ৰী দুজন, এজন নমস্কাৰ দিয়া আৰু আন এজন চালেবেৰে কোবোৱা কথা কৈ সকলোকে ঠাট্টা কৰা তেনে চৰকাৰৰ পৰা ৰাইজে একোআশা কৰি লাভ নাই এই মন্তব্য কংগ্ৰেছ দলৰ তত্বাৱধায়ক জিতেন্ৰ সিঙৰ। 

আজি ২০২১ চনত অনুষ্ঠিত হবলগীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ৰণ ডংকা বজালে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা। সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ শংকৰ আজান সমন্বয় ক্ষেত্ৰৰ পৰাই সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে এই তাৎচল্য মন্তব্য কৰে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক বুথ সন্মিলনৰ শুভাৰম্ভৰ জড়িয়তে ২১ চনৰ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰ যুদ্ধ আৰম্ভ কৰে। 
আজি পু্ৱাৰ বৰাই সৰুক্ষেত্ৰী সমষ্টিৰ মুঠ ২৪৬ টা বুথ কমিটিৰ পৰা কংগ্ৰেছ , যুৱ কংগ্ৰেছ ,মহিলা কংগ্ৰেছ, সেৱাদল ,কিষাণ গোট, সংখ্যালঘু গোট,এন এছ ইউ আইৰ সদস্যসকলে বৃহৎ বৃহৎ সমদল কৰি কয়াকুছি বজাৰত উপস্থিত হয়। কমেও ত্ৰিশ হাজাৰ লোক উপস্থিত হোৱা সভাখনত সঞ্চালনা কৰে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰে। 
বুথ সন্মিলনৰ আদৰণি ভাষণ দিয়ে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকে। সভাত সাংসদ গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ বিধায়ক ক্ৰমে এ কে ৰশিদ আলম, নুৰুল হুদা,শুকুৰ আলী আহমেদ , নন্দিতা দাস, ডা:মতিয়াৰ ৰহমান মণ্ডল, আদিকে কৰি বহুতো নেতাই ভাষণ দিয়ে। এই বুথ সন্মিলনত অংশগ্ৰহণ কৰি নিজৰ ভাষণত সৰ্বভাৰতীয় জাতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কcup জীতেন্দ্ৰ সিঙে কয় যে আজিৰ সভাই প্ৰমাণ কৰে আগন্তুক নিৰ্বাচনত অসমত বিজেপি চৰকাৰৰ পতন হব আৰু অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হব। 

বি জে পিৰ ভ্ৰষ্টাচাৰ শাসন ৰাইজে ওফৰাই পেলাই অসমৰ উন্নতি আৰু উন্নয়নৰ বাবে কংগ্ৰেছৰ চৰকাৰ প্ৰতিষ্ঠা হব।নিজৰ ভাষণত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই নিজৰ ভাষণত সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন সিকদাৰ অসমৰ অন্যতম জনপ্ৰিয় নেতা বুলি কোৱাৰ লগতে আজিৰ সভাৰ জড়িয়তে নামনি অসমত যে বি জে পি শূণ্য হব তাৰেই প্ৰমাণ হল। আগন্তুক বিধান সভাৰ নিৰ্বাচন কেৱল নিৰ্বাচন নহয় এই নিৰ্বাচন হৈছে সংবিধান ৰক্ষা, ধৰ্মনিৰপেক্ষতা ৰক্ষাৰ নিৰ্বাচন। 
আগন্তুক নিৰ্বাচনৰ পিছত অসমত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হব সেয়া নিশ্চিত। চৰকাৰ গঠনৰ পিছত কংগ্ৰেছৰ প্ৰথম কাম হব বি জি পিয়ে ধ্বংস কৰি থৈ যোৱা ধৰ্মনিৰপেক্ষতা, ভাতৃত্ববোধ, সংহতি পুনৰ স্থাপন কৰা। চৰকাৰ হলে এন আৰ চিক স্বীকৃতি দিয়াৰ লগতে এন আৰ ছিৰ বাদ পৰি থকা প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা, ডি ভোটাৰৰ সমস্যা সমাধান, ভূমি নীতি বাতিল কৰা, চৰ চাপৰিৰ মাটিৰ পট্টা দিয়া, চৰকাৰে বন্ধ কৰা তৌজি খাজনা পুনৰাই আৰম্ভ কৰা, ১২০ ইউনিট বিদ্যুৎ মাচুল ৰেহাই দিয়া ।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি