সৰুক্ষেত্ৰীত কংগ্ৰেছে বজালে ২১ৰ ৰণ শিঙা: জনসমুদ্ৰত পৰিণত সৰুক্ষেত্ৰী
কয়াকুছি পৰা দিলদাৰ হুছেইন : আমাৰ ৰাইজৰ মাজত বিভেদ আনিব বিচাৰা বিজেপিক এইবাৰ উচিত শিক্ষা দিব লাগিব আৰু সেই যুদ্ধ এই সৰুক্ষেত্ৰী সমষ্টিৰ পৰাই আৰম্ভ হল। যিখন চৰকাৰ মুখ্যমন্ত্ৰী দুজন, এজন নমস্কাৰ দিয়া আৰু আন এজন চালেবেৰে কোবোৱা কথা কৈ সকলোকে ঠাট্টা কৰা তেনে চৰকাৰৰ পৰা ৰাইজে একোআশা কৰি লাভ নাই এই মন্তব্য কংগ্ৰেছ দলৰ তত্বাৱধায়ক জিতেন্ৰ সিঙৰ। আজি ২০২১ চনত অনুষ্ঠিত হবলগীয়া অসম বিধানসভাৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ৰণ ডংকা বজালে সৰুক্ষেত্ৰী সমষ্টিৰ পৰা। সৰুক্ষেত্ৰী সমষ্টিৰ কয়াকুছিৰ শংকৰ আজান সমন্বয় ক্ষেত্ৰৰ পৰাই সৰ্বভাৰতীয় কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে এই তাৎচল্য মন্তব্য কৰে।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই এক বুথ সন্মিলনৰ শুভাৰম্ভৰ জড়িয়তে ২১ চনৰ