আলম ছৰোৱাৰঃ হাউলীঃ
মানুহ কিমান হৃদয়হীন হʼলে হত্যাৰ দৰে জঘন্য ঘটনা সংগঠিত কৰিব পাৰে তাৰে এক প্ৰতিফলন ঘটিল বৰপেটা জিলাৰ হাউলীৰ মৈৰামাৰা গাওঁ পঞ্চায়তৰ অধীনস্থ ফুলকীপাৰা গাঁৱত। সম্পত্তিকেন্দ্ৰীক কাজিয়াৰ ফলত পিতৃ আৰু মাতৃয়ে পুত্ৰক হানি-খুচি হত্যা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে |
জানিব পৰা মতে হাউলী আৰক্ষী থানাৰ অন্তৰ্গত ফুলকীপাৰা গাঁৱৰ নেৱাজ খান আৰু তেওঁৰ দ্বিতীয় পত্নীয়ে নিজ পুত্ৰ ছাদ্দাম খান (২৭)ক মঙ্গলবাৰে নিশাৰ ভাগত শোৱাপাটিৰ পৰা উঠাই আনি সাধাৰণ কথাত কাজিয়াৰ সূত্ৰপাত ঘটাই ছাদ্দাম খানক হানি-খুচি হত্যা কৰে বুলি স্থানীয় ৰাইজৰ অভিযোগ উত্থাপিত হৈছে |
দীৰ্ঘদিন ধৰি নেৱাজ খানৰ পৰিয়ালত মাটি-সম্পত্তিলৈ কাজিয়া-পেচাল হৈ আছিল আৰু তাৰেই পৰিণতিস্বৰূপে সিদিনা নিশা অনুৰূপ ঘটনা সংঘটিত হোৱাৰ পিছত এই জঘন্য হত্যাকাণ্ডটো ঘটে বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে| ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বুধবাৰে বৰপেটা ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজ এণ্ড হস্পিটাললৈ প্ৰেৰণ কৰে | ইতিমধ্যে উক্ত ঘটনাৰ লগত জড়িত পিতৃ নেৱাজ খান,মাতৃ আৰু ভাতৃক হাউলী আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে | আৰক্ষীয়ে এই হত্যাকাণ্ড সন্ধৰ্ভত জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে |