Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:59 pm

Home » আঞ্চলিক » অসম » জটিল ৰোগত আক্ৰান্ত ছাহিনুৰ আলম : সহায় বিচাৰি কাতৰ আহ্বান পিতৃ-মাতৃৰ

জটিল ৰোগত আক্ৰান্ত ছাহিনুৰ আলম : সহায় বিচাৰি কাতৰ আহ্বান পিতৃ-মাতৃৰ


লাহৰীঘাটৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন : 

এটি শিশু, বয়স তাৰ পখিলা খেদাৰ, লগৰ সমনীয়াৰ সৈতে খেলা-ধূলা কৰাৰ৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে যেন কাঢ়ি লৈ যাব খুজিছে কনমানিটোৰ জীৱনৰ ৰঙিন সপোনবোৰ৷ বুকু উদং হোৱাৰ আশংকাত অসহায় মাতৃ৷ দিকবিদিক হেৰুৱাই পেলাইছে অকলশৰীয়া হোৱাৰ ভয়ত দিশহাৰা পিতৃয়ে৷ 
মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বগলীপৰা পথাৰ গাঁৱৰ ৰুহুল আমিন আৰু হাচনাৰা 10 বছৰীয়া পুত্ৰ ছাহিনুৰ আলম আক্ৰান্ত জটিল ৰোগত৷ পূৱ চেতুৱাই খাইতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাহিনুৰ৷ বৰ্তমান কনমানি ছাত্ৰ জন চিকিৎসাধীন হৈ আছে গুৱাহাটীস্থিত GMCHত৷ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ নিয়াৰ পৰামৰ্শ প্ৰদান কৰিছে। 
পুত্ৰৰ অতি ব্যয়বহুল চিকিৎসাৰ বাবে অতি দৰিদ্ৰ কৃষক পিতৃয়ে ঘৰৰ মাটি সম্পত্তি সকলো বিক্ৰী কৰি এতিয়া হৈ পৰিছে সৰ্বস্ৰান্ত৷ পুত্ৰৰ স্নায়ু আৰু লিভাৰ সংৰোপনৰ বাবে এতিয়া প্ৰয়োজন দুই লক্ষাধিকতকৈ অধিক ধন৷ উপায়হীন হৈ দূৰ্ভগীয়া পিতৃ মাতৃয়ে বহিৰাজ্যত পুত্ৰৰ চিকিৎসা কৰোৱাৰ বাবে সংবাদ মাধ্যমৰ জড়িয়তে সহায় বিচাৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ 
ৰাজ্যৰ স্বাস্থ্য বিভাগক অনুৰোধ জনাইছে পুত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ৷ অসমবাসী ৰাইজৰ ওচৰত সহায় বিছাৰি আঁঠু লৈছে দুৰ্ভগীয়া পিতৃ-মাতৃয়ে৷ 
যদি কোনো সুহৃদয়ৱান ব্যক্তিয়ে সহায় কৰিব বিছাৰে তেন্তে হাচনাৰা বেগমৰ মোবাইল নম্বৰ 8471800371ত যোগাযোগ কৰিব পাৰিব নাইবা গ্ৰামীণ বিকাশ বেংক মৰিগাঁও শাখা বেংক একাউণ্ট নম্বৰ 7273029019091 IFSC Code – UTBI0RRBAGBত আৰ্থিক সহায় আগবঢ়াব পাৰিব৷ আপোনালোকৰ অকনমান সহায়ে হাঁহি বিৰিঙাব পাৰিব দুৰ্ভগীয়া পৰিয়ালটোৰ, উজ্জ্বল কৰিব পাৰিব কনমানি ছাত্ৰ ছাহিনুৰৰ সপোনবোৰ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি