জটিল ৰোগত আক্ৰান্ত ছাহিনুৰ আলম : সহায় বিচাৰি কাতৰ আহ্বান পিতৃ-মাতৃৰ
লাহৰীঘাটৰ পৰা জহিৰুল ইছলামৰ প্ৰতিবেদন : এটি শিশু, বয়স তাৰ পখিলা খেদাৰ, লগৰ সমনীয়াৰ সৈতে খেলা-ধূলা কৰাৰ৷ কিন্তু নিষ্ঠুৰ নিয়তিয়ে যেন কাঢ়ি লৈ যাব খুজিছে কনমানিটোৰ জীৱনৰ ৰঙিন সপোনবোৰ৷ বুকু উদং হোৱাৰ আশংকাত অসহায় মাতৃ৷ দিকবিদিক হেৰুৱাই পেলাইছে অকলশৰীয়া হোৱাৰ ভয়ত দিশহাৰা পিতৃয়ে৷ মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত বগলীপৰা পথাৰ গাঁৱৰ ৰুহুল আমিন আৰু হাচনাৰা 10 বছৰীয়া পুত্ৰ ছাহিনুৰ আলম আক্ৰান্ত জটিল ৰোগত৷ পূৱ চেতুৱাই খাইতি বালিকা প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাহিনুৰ৷ বৰ্তমান কনমানি ছাত্ৰ জন চিকিৎসাধীন হৈ আছে গুৱাহাটীস্থিত GMCHত৷ চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বহিৰাজ্যলৈ নিয়াৰ পৰামৰ্শ প্ৰদান কৰিছে। পুত্ৰৰ অতি ব্যয়বহুল চিকিৎসাৰ বাবে অতি দৰিদ্ৰ কৃষক পিতৃয়ে ঘৰৰ মাটি সম্পত্তি সকলো বিক্ৰী কৰি এতিয়া হৈ পৰিছে সৰ্বস্ৰান্ত৷