- অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
- দুদিনীয়া ভ্ৰমণসূচীৰে আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৮,০০০ নামঘৰলৈ আগবঢ়াব আৰ্থিক সাহায্য।
- সেইদৰে পৰ্যটকৰ আকৰ্ষণৰ উদ্দেশ্যে বটদ্ৰৱা থানৰ উন্নয়নৰ বাবেও বিশেষ আধাৰশিলা স্থাপন কৰিব।
- ইয়াৰ উপৰিও গুৱাহাটীত নতুনকৈ হ’বলগীয়া দ্বিতীয়খন চিকিত্সা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
- ২৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
- কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মণিপুৰতো চুড়াচন্দ্ৰ মেডিকেল কলেজ আৰু ৰাজ্য চৰকাৰৰ এটা অতিথি শালাৰ আধাৰশিলাও স্থাপন কৰিব।