|

ৰাজ্যৰ ৮,০০০ নামঘৰলৈ আগবঢ়াব আৰ্থিক সাহায্য

অহা ২৬ ডিচেম্বৰত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।  দুদিনীয়া ভ্ৰমণসূচীৰে আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ ৮,০০০ নামঘৰলৈ আগবঢ়াব আৰ্থিক সাহায্য। সেইদৰে পৰ্যটকৰ আকৰ্ষণৰ উদ্দেশ্যে বটদ্ৰৱা থানৰ উন্নয়নৰ বাবেও বিশেষ আধাৰশিলা স্থাপন কৰিব।  ইয়াৰ উপৰিও গুৱাহাটীত নতুনকৈ হ’বলগীয়া দ্বিতীয়খন চিকিত্‍সা মহাবিদ্যালয়ৰ আধাৰশিলাও স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। ২৭ ডিচেম্বৰত গুৱাহাটীৰ পৰা ইম্ফললৈ ৰাওনা হ’ব কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।  কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মণিপুৰতো চুড়াচন্দ্ৰ মেডিকেল কলেজ আৰু ৰাজ্য চৰকাৰৰ এটা অতিথি শালাৰ আধাৰশিলাও স্থাপন কৰিব।

| |

আস্থা ভোটত জয়ী প্ৰমোদ বড়ো, সংখ্যাগৰিষ্ঠতা লাভ বিজেপি–ইউপিপিএল–জিএছপি মৰ্চাৰ

বিটিচিত সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ লাভ নকৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। গুৱাহাটী : বিটিচিত আস্থা ভোটত জয়ী প্ৰমোদ বড়ো। আস্থাভোটত সংখ্যাগৰিষ্ঠতা লাভ কৰে বিজেপি–ইউপিপিএল–জিএছপি মিত্ৰজোঁটে। হাত দাঙি প্ৰমোদ বড়োৰ প্ৰতি সমৰ্থন। উল্লেখযোগ্য বিটিচিত সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ লাভ নকৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী। আৰু উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি আস্থা ভোটৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে। আস্থা ভোটত জয়ী হোৱাৰ পিছত বিটিচি প্ৰধান প্ৰমোদ বড়োৱে কয় যে বিটিচিত ১৭ বছৰে এখন অগণতান্ত্ৰিক চৰকাৰ চলি আছিল। ইমানবোৰ দুৰ্নীতি–ভ্ৰষ্টাচাৰ, হত্যা–হিংসা হৈ গ’ল, সেইসকলে সেইটো কৰিবই। আমি তাৰ মুখামুখি হৈ ৰাইজক তেনে সমস্যাৰ পৰা উদ্ধাৰ কৰিম বুলি নিৰ্বাচিত হৈ

|

ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

লাহৰীঘাট : মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত ফলিহামাৰী পথাৰ মজলীয়া বিদ্যালয়ত অনুষ্ঠিত হয় বিদ্যালয় পৰিচালনা সমিতিৰ সাধাৰণ সভা। কাৰ্যসূচী হিচাপে প্ৰতিবেদন পাঠ ও ৰাইজৰ একাষাৰ বুলি কাৰ্যসূচী উল্লেখ কৰিছিল যদিও অভিযোগ অনুসৰি বিগত তিনি বছৰ কাৰ্যকাল অতিবাহিত কৰা পৰিচালনা সমিতি খনে বিদ্যালয়খনত কি কি কাম কৰিছে ৰহস্যজনকভাৱে তাৰ প্ৰতিবেদন পাঠ নকৰাত ক্ষোভিত হৈ পৰে অভিভাৱক-অভিভাৱিকাসকল।  ইয়াকে লৈ পুৰণি সমিতিৰ সভাপতিৰ সমৰ্থক আৰু অভিভাৱকসকলৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। তাৰ পিছতেই বিদ্যালয়খনৰ প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সদস্য সচিব ৰফিকুল ইছলামৰ লগতে CRCC অৰবিন্দ চহৰীয়াই আজিৰ সভাখন ভংগ কৰি দিছে বুলি লিখিত আকাৰে অৱগত কৰে। নৱবৰ্ষৰ জানুৱাৰী মাহত পৰৱৰ্তী সময়ত নিৰ্দিষ্ট দিন ধাৰ্য্য কৰি আকৌ সাধাৰণ সভাৰ