মৰিগাঁও জিলাৰ লাহৰিঘাটৰ দক্ষিণ চেনিমাৰী গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নি কাণ্ডৰ ফলত ৬ টাকৈ পৰিয়ালৰ ঘৰ জুইত জাহ যোৱাৰ লগতে প্ৰায় দহ লাখ টকাৰ সা সম্পত্তি সম্পূৰ্ণ ৰূপে ভস্মিভূত হয়। আক্কাছ আলী, মুস্তফা আহমেদ, নিজাম উদ্দিন, নজমুল হক আৰু আছমা বেগম নামৰ লোক কেইজনৰ আবাস গৃহ সম্পূৰ্ণ ৰূপে জুইত ভষ্মীভূত হয়। উল্লেখ্য যে অগ্নি কাণ্ড সংঘটিত হোৱাৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও স্হানীয় ৰাইজে অৱশেষত ৱাটাৰ পাম্পৰ জৰিয়তে জুই নিমাবলৈ সক্ষম হয়।