Weather Data Source: wetter Bangalore 14 tage

June 19, 2025 9:36 pm

Home » আঞ্চলিক » অসম » ধূপগুৰি গাওঁ পঞ্চায়তত ক‌ংগ্ৰেছ দলৰ উদ্যোগত আগন্তুক নিৰ্বাচন উপলক্ষে সজাগতা সভা

ধূপগুৰি গাওঁ পঞ্চায়তত ক‌ংগ্ৰেছ দলৰ উদ্যোগত আগন্তুক নিৰ্বাচন উপলক্ষে সজাগতা সভা


লাহৰীঘাট :  মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত ধূপগুৰি গাওঁ পঞ্চায়তত লাহৰীঘাট কংগ্ৰেছ দলৰ উদ্যোগত আজি বিয়লি প্ৰায় দুই বজাত এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাখনত প্ৰায় শতাধিক কংগ্ৰেছ প্ৰেমী ৰাইজে অংশগ্ৰহণ কৰে। লাহৰীঘাটৰ জেষ্ঠ কংগ্ৰেছ কৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক হাচেন আলীদেৱৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আগন্তুক বিধানসভা নিৰ্বাচনত দলৰ ভেটি মজবুত কৰাৰ ওপৰত গুৰুত্ব দিবলৈ বিভিন্ন জনে মত পোষণ কৰে। 

সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে লাহৰীঘাটৰ প্ৰাক্তন খণ্ড উন্নয়ন বিষয়া তথা লাহৰীঘাট সমষ্টিৰ বিধায়ক প্ৰাৰ্থীত্ব প্ৰত্যাশী আদিল হুছেইন ডাঙৰীয়াই। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে বিশিষ্ট সাংবাদিক আফতাব হুছেইন দেৱে। সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰত আদিল হুছেইনে কয়, প্ৰাৰ্থী হাইকমান্ডে বাচনি কৰিব আৰু হাইকমান্ডৰ ওপৰত তেখেতৰ পূৰ্ণ আস্থা আছে লগতে দেশ আৰু জাতি ৰক্ষা কৰিবলৈ কংগ্ৰেছ দলৰ ভেটি শক্তিশালী কৰিব লাগিব। তেওঁ লগতে কয় বৰ্তমানৰ বিধায়ক নজৰুল ইছলামৰ যথেষ্ট বয়স হৈছে আৰু বদনামো‌ আছে। সভাখনত যথেষ্ট স্থানীয় গণ্য মান্য লোক অংশগ্ৰহণ কৰে।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি