Weather Data Source: wetter Bangalore 14 tage

July 2, 2025 8:15 am

Home » আঞ্চলিক » অসম » ৰক্ষকৰ ৰূপত ভক্ষক কলগাছিয়া আৰক্ষী : আচামীৰ সৈতে মিতিৰালিৰে ক্ষমতাৰ অপব্যৱহাৰ আৰক্ষীৰ

ৰক্ষকৰ ৰূপত ভক্ষক কলগাছিয়া আৰক্ষী : আচামীৰ সৈতে মিতিৰালিৰে ক্ষমতাৰ অপব্যৱহাৰ আৰক্ষীৰ

সামাজিক নিৰাপত্তা প্ৰদানৰ দাবীত সংবাদমেল : আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ 
গুৱাহাটী : ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপ লয়, তেতিয়া কিন্তু সাধাৰণ জনতা নিৰাপত্তা, ন্যায় আদিৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ তেনে ন্যায়-নিৰাপত্তাৰ পৰা বঞ্চিত বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ আৰু বৰভিঠা আৰক্ষী চকীৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ হাচেন আলীৰ পৰিয়ালবৰ্গই স্থানীয় আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ বিস্ফোৰক অভিযোগ৷ আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি হাচেন আলীৰ পুত্ৰ আয়ুব উদ্দিনে ফটোসহ তথ্যপাতিৰে সৈতে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাস, উপ-আৰক্ষী বিষয়া হাশেম আলী, নুৰুল ইছলাম, বৰভিঠা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ হাজৰিকা, উপ-আৰক্ষী বিষয়া দেৱান হায়াতৰ বিৰুদ্ধে ৰক্ষকৰ ৰূপত ভক্ষক হিচাপে কাম কৰি থকাৰ অভিযোগ তোলে৷ সংবাদ মেলত আয়ুব উদ্দিনে উল্লেখ কৰা অনুসৰি দীৰ্ঘদিন ধৰি একে গাঁৱৰে একাব্বৰ আলী পুত্ৰসকলৰ সৈতে তেওঁলোকৰ ভূমি কেন্দ্ৰিক বিবাদ চলি আছে৷ ভূমি বিবাদক কেন্দ্ৰ কৰি একাব্বৰ আলীৰ পুত্ৰসকলে খেতিৰ মাটি, পুখুৰী আৰু ঘৰ-বাৰী দখলৰ অপচেষ্টা চলাই আহিছে৷ কেতিয়াবা দখলো কৰিছে৷ একপক্ষীয়ভাৱে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি আয়ুব উদ্দিন আৰু তেওঁৰ পৰিয়ালৰ লোকক প্ৰাণে মৰাৰ চেষ্টা চলাই গুৰুতৰভাৱে আহতও কৰিছে৷ ঘৰত অসহায় বৃদ্ধ পিতৃ-মাতৃ, পত্নী-বোৱাৰী আৰু সন্তান-সন্ততীক মানসিক-শাৰিৰীক হাৰাশাস্তি কৰি আহিছে৷ পিতৃ হাচেন আলীয়ে বজাৰ নাইবা মছজিদত নামাজ পঢ়িবলৈ গ’লেও আগভেটি ধৰি বিভিন্ন ধৰণে ভাবুকি প্ৰদান কৰে৷ সামাজিকভাৱে এই বিষয়টো কেইবাবাৰো মীমাংস কৰা হৈছিল যদিও একাব্বৰ আলী পুত্ৰসকলে সমাজৰ মুখিয়ালৰ ৰায় তথা আপোচনামাকো ভৰিৰে মোহাৰি পুনৰ ভূমি দখল কৰে৷ এইক্ষেত্ৰত উপায়ন্তৰ হৈ কেইবাবাৰো স্থানীয় কলগাছিয়া আৰক্ষী থানা আৰু বৰভিঠা আৰক্ষী চকীৰ দ্বাৰস্থ হৈ কৰ্মৰত বিষয়াসকলৰ পৰা সহায় বিচাৰে আয়ুব উদ্দিনে৷ কিন্তু আৰক্ষী বিষয়াসকলে প্ৰত্যেকবাৰেই প্ৰথমে এজাহাৰ গ্ৰহণ কৰিবলৈ অনিচ্চা প্ৰকাশ কৰে তথা এজাহাৰত তাৰিখ উল্লেখ কৰিবলৈ নিদিয়াৰ লগতে এজাহাৰ প্ৰাপ্তিৰ প্ৰতিলিপিও [ৰিছিভ কপি] নিদিয়ে৷ তদুপৰি আয়ুব উদ্দিনে দাখিল কৰা এটা এজাহাৰো আজিলৈকে প?ীয়ন কৰা নাই৷ বিভিন্ন অজুহাতত আৰক্ষীয়ে অভিযোগকাৰীৰ পৰা মোটা অংকৰ ধন বিচাৰে আৰু আৰক্ষী বিষয়াসকলে ওলোটাই বিভিন্ন ধৰণে দাবী-ধমকিৰে অশ্লীল গালি-গালাজ, অভব্য আচৰণ কৰে৷ আনহাতে আচামী পক্ষৰ সৈতে মিতিৰালিৰে কোনো ধৰণৰ গোচৰ অবিহনেই ইচ্চা গ’লেই আয়ুব উদ্দিনক আৰক্ষীয়ে ঘৰৰ পৰা তুলি নি আটক কৰে আৰু জামিনৰ নামত মোটা অংকৰ ধন লৈ উকা কাগজত চহী ৰাখি দিয়ে৷ আচামী পক্ষই দা-কুঠাৰ-লাঠি লৈ আহি আক্ৰমণ কৰি ঘৰ-দুৱাৰ ভাঙি থৈ যোৱাৰ পিছত আৰক্ষীক অৱগত কৰিলেও কোনো ব্যৱস্থা গ্ৰহণ নকৰে৷ এনেদৰেই সুদ¹ৰ্ঘ দিন ধৰি আচামী পক্ষ আৰু আৰক্ষী বিষয়াসকলৰ নানা অত্যাচাৰত অভিযোগকাৰী আয়ুব উদ্দিনে সম্পূৰ্ণ নিৰাপত্তাহীনতাত ভূগি থকাৰ লগতে চপাব পৰা নাই খেতিডৰাৰ শস্য, ধৰিব পৰা নাই নিজ পুখুৰীৰ মাছ, থাকিব পৰা নাই স্ব-গৃহত৷ সেয়ে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰি আৰু সামাজিক নিৰাপত্তাৰ লগতে ন্যায় প্ৰদানৰ দাবীত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু বৰপেটা জিলাৰ আৰক্ষী অধীক্ষকলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি