ৰক্ষকৰ ৰূপত ভক্ষক কলগাছিয়া আৰক্ষী : আচামীৰ সৈতে মিতিৰালিৰে ক্ষমতাৰ অপব্যৱহাৰ আৰক্ষীৰ
সামাজিক নিৰাপত্তা প্ৰদানৰ দাবীত সংবাদমেল : আৰক্ষী সঞ্চালক প্ৰধানলৈ স্মাৰক পত্ৰ গুৱাহাটী : ৰক্ষকেই যেতিয়া ভক্ষকৰ ৰূপ লয়, তেতিয়া কিন্তু সাধাৰণ জনতা নিৰাপত্তা, ন্যায় আদিৰ পৰা বঞ্চিত হ’বলগীয়া হয়৷ তেনে ন্যায়-নিৰাপত্তাৰ পৰা বঞ্চিত বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ আৰু বৰভিঠা আৰক্ষী চকীৰ অন্তৰ্গত টাপেশ্বৰা গাঁৱৰ হাচেন আলীৰ পৰিয়ালবৰ্গই স্থানীয় আৰক্ষীৰ বিৰুদ্ধে উত্থাপন কৰিছে কেতবোৰ বিস্ফোৰক অভিযোগ৷ আজি দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদ মেলৰ আয়োজন কৰি হাচেন আলীৰ পুত্ৰ আয়ুব উদ্দিনে ফটোসহ তথ্যপাতিৰে সৈতে কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰজ্যোতি দাস, উপ-আৰক্ষী বিষয়া হাশেম আলী, নুৰুল ইছলাম, বৰভিঠা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ হাজৰিকা, উপ-আৰক্ষী বিষয়া দেৱান হায়াতৰ বিৰুদ্ধে ৰক্ষকৰ ৰূপত ভক্ষক হিচাপে কাম কৰি থকাৰ অভিযোগ তোলে৷ সংবাদ