| | |

বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ

গুৱাহাটী : মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ উদ্যোগত মঙলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকৰ আয়োজন কৰা হয়৷ গুৱাহাটী মহানগৰীৰ হোটেল ৰিভেইৰাত সন্ধিয়া ৫ বজাত অনুষ্ঠিত বৈঠকত চীন আৰু পাকিস্তান আন্তঃৰাষ্ট্ৰীয় শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয়৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি আৰ এছ এছৰ ৰাষ্ট্ৰীয় কাৰ্যবাহী তথা মুছলিম ৰাষ্ট্ৰীয় মঞ্চৰ মুখ্য পৃষ্ঠপোষক ডঃ ইন্দ্ৰেশ কুমাৰে কয় যে- ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ একাংশ দেশদ্ৰোহী লোকে অপপ্ৰচাৰ কৰাত নামি পৰিছে৷ জাতি বা ধৰ্মৰ পৰিচয়ৰ পূৰ্বে প্ৰথম পৰিচয়টো আহে আমি কোন দেশৰ নাগৰিক৷ সেয়ে আমি ধৰ্মীয় বা জাতিগত পৰিচয়তকৈ দেশৰ পৰিচয়ৰ হকে কাম কৰিব লাগিব৷ যিসকল লোকে এইখন দেশ তথা ভাৰতত থাকি ভাৰতৰ আইনক অপমান কৰিছে, ভাৰতৰ ত্ৰিৰংগাক মানি লোৱা নাই