Weather Data Source: wetter Bangalore 14 tage

June 12, 2025 6:00 pm

Home » আঞ্চলিক » অসম » বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত প্ৰমোদ বড়োৰ

বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত প্ৰমোদ বড়োৰ

কোকৰাঝাৰ : 
বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে শপত ল’লে প্ৰমোদ বড়োৱে। প্ৰমোদ বড়োৰ হাতত অৰ্পণ কৰা হ’ল বিটিআৰৰ বাঘজৰী৷ কোকৰাঝাৰৰ বডোফা নগৰস্থিত গ্ৰীন ফিল্ডত অনুষ্ঠিত হয় শপত গ্ৰহণ অনুষ্ঠান। ৰাজ্যপালৰ হৈ মুখ্য সচিব জিষ্ণু বৰুৱাই শপত বাক্য পাঠ কৰায় BTRৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক।
বড়ো ভাষাতে শপত বাক্য পাঠ কৰিলে প্ৰমোদ বড়োৱে। আনহাতে প্ৰমোদ বড়োৰ লগতে উপ–মুখ্য কাৰ্যবাহী সদস্য হিচাপে গোবিন্দ বসুমতাৰীয়ে অসমীয়াত শপত বাক্য পাঠ কৰে। তদুপৰি কাৰ্যবাহী সদস্য হিচাপে শপত লয় বিজেপিৰ গৌতম দাস, দিগন্ত বৰুৱা আৰু জিএছপিৰ ঘনশ্যাম দাসে।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, NEDAৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিত দাস, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, মন্ত্ৰী ভৱেশ কলিতা, বিধায়ক অশোক সিংহল, বিমল বড়া, ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা, মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সাংসদ নৱ কুমাৰ শৰণীয়া আৰু ভুবনেশ্বৰ কলিতাও।
শপত গ্ৰহণৰ পিছত নিজৰ ভাষণত প্ৰমোদ বড়োৱে কয় – UPPL-BJP-GSP–এ গঠন কৰা সন্মিলিত চৰকাৰ ক্ষমতা লাভৰ চৰকাৰ নহয়, এই চৰকাৰ হ’ব সমস্যা সমাধানৰ চৰকাৰ। 
উল্লেখ্য যে বিটিচিত আছে ৩১ শতাংশতকৈ অধিক ধৰ্মীয় সংখ্যালঘু লোক৷ কিন্তু এইবাৰো বিটিচিৰ পৰিষদত নাই এজনো ধৰ্মীয় সংখ্যালঘু ই এম তথা কাৰ্যবাহী সদস্য৷ ই এম দূৰৈৰে কথা, নাই এজনো ধৰ্মীয় সংখ্যালঘু লোকৰ এম চি এল এ৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি