| | | |

প্ৰমোদ বড়ো মুখ্য কাৰ্যবাহী : বিটিচিত ত্ৰিদলীয় মিত্ৰজোঁটৰ চৰকাৰ

@ছৈয়দ বুলবুল জামানুৰ হক  বিজেপি-ইউ পি পি এলৰ আগ্রাসী-ব্যয়বহুল প্রচাৰ আৰু সমালোচনাক ওফৰাই দুর্নীতি, ভ্রষ্টাচাৰ, অধিষ্ঠানবিৰোধী ঢৌৰ ধাৰণাক নিলগাই থৈ বি টি চিত পুনৰ শক্তিশালী ৰূপত আত্মপ্রকাশ কৰিছে বি পি এফে। আনহাতে, বি পি এফক প্রতিহত কৰিবলৈ তুমুল যুঁজত অৱতীৰ্ণ হৈছে প্রমাোদ বড়োৰ ইউ পি পি এল। হাগ্রাম মহিলাৰী বি টি চিৰ মুৰব্বী হওক বা নহওক, বি টি আৰবাসীয়ে কিন্তু এইবাৰ বিজেপিৰ পদুম ফুল বা ইউ পি পি এলৰ ট্রেক্টৰৰ সমান্তৰালকৈ বি পি এফৰ নাঙলকো আদৰি ল’লে। সর্বশক্তি প্রয়োগ কৰাৰ পিছতো কিন্তু হাগ্রামা মহিলাৰী আৰু বি পি এফ বি টি আৰৰ পৰা সম্পূর্ণ উৎখাত কৰাত সফল নহ’ল বিজেপি-ইউ পি পি এল। বি টি আৰত সবাতোকৈ ক্ষতিৰ সন্মুখীন হ’ল কংগ্ৰেছ-এ আই

| | | |

হাউলীত প্ৰদীপ কুমাৰ দাসৰ পাঁচখন গ্ৰন্থ উন্মোচন

বৰপেটাৰ পৰা সেখ ৰহমত উল্লাহ : সৃষ্টি প্ৰকাশৰ প্ৰকাশিকা মিনাক্ষী দাসে প্ৰকাশ কৰি উলিয়ালে হাউলী হাইস্কুলৰ কৃতি শিক্ষক শ্ৰীপ্ৰদীপ কুমাৰ দাসৰ পাঁচখনকৈ কিতাপ ৷আজি দিনৰ ১০:০০ বজাত হাউলী সাহিত্য সভাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হ’ল এই পাঁচখন কিতাপ৷ কৰোনা মহামাৰীৰ সময়ত নিজকে মনোনিৱেশ কৰি সাহিত্যিক প্ৰদীপ কুমাৰ দাসে ৰচনা কৰি উলিয়ালে ভিন্নধৰ্মী কিতাপবোৰ৷ কিতাপকেইখন হ’ল আদৰ্শ অসমীয়া ব্যাকৰণ আৰু ৰচনা, ডাকৰ বচন, মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱ, ধ্বনি আৰু শুধৰণি ৷  শতাধিকৰ উৰ্দ্ধৰ উপস্থিতিত সাহিত্যানুৰাগী, সমাজসেৱী, ছাত্ৰ ছাত্ৰী, কবিৰ উপস্থিতিৰে সভাখনৰ আঁতধৰে হাউলী সাহিত্য সভাৰ সম্পাদক তথা বিশিষ্ট নাট্যকাৰ চম্পক কুমাৰ নাথে৷সভাৰ আৰম্ভণিতে সৃষ্টি প্ৰকাশনৰ তৰফৰ পৰা গ্ৰন্থ উন্মোচক সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰা হয়৷ আদৰ্শ