Weather Data Source: wetter Bangalore 14 tage

June 20, 2025 3:38 am

Home » আঞ্চলিক » অসম » #LIVE Update : BTC নিৰ্বাচনৰ ফলাফল- কোনে মাৰিব শেষ হাঁহি?

#LIVE Update : BTC নিৰ্বাচনৰ ফলাফল- কোনে মাৰিব শেষ হাঁহি?

ৱেব সংবাদ : কোন মাৰিব বিটিচি নিৰ্বাচনত শেষ হাঁহি? অক্ষত থাকিবনে হাগ্ৰামা মহিলাৰীৰ দুৰ্গ? সঁচা হ’ব নেকি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী? উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৭৭.০১% ভোটদান আৰু দ্বিতীয় পৰ্যায়ত ৭৯.৯০% ভোটদান কৰে ভোটাৰ ৰাইজে৷ 

LIVE Update :

  • পুৱা ৮ বজাত খোলা হয় ষ্ট্ৰংৰুমসমূহ আৰু আৰম্ভ হয় বেলট গণনা পৰ্ব৷ 
  • কোকৰাঝাৰৰ তিনিটা মহকুমা ক্ৰমে কোকৰাঝাৰ, পৰ্বতঝোৰা আৰু গোসাঁইগাঁৱত চলি আছে ভোটগণনা৷ 
  • চিৰাঙৰ দুটা, বাক্সাৰ তিনিটা আৰু ওদালগুৰিৰ দুটা ভোটগণনা কেন্দ্ৰত চলি আছে ভোটগণনা৷
  • চলি আছে পোষ্টেল ভোট গণনা প্ৰক্ৰিয়া৷

পুৱা ৯-৩০ বজাৰ ফলাফল : 

  • কোকৰাঝাৰ জিলাত ইউপিপিএল ২, বিপিএফ ২ আসনত আগবাঢ়ি আছে৷
  • চিৰাং জিলাত ইউপিপিএল ১, বিপিএফ ২ আসনত আগবাঢ়ি আছে৷
  • বাক্সা জিলাত ইউপিপিএল ৪, বিজেপি ১ আসনত আগবাঢ়ি আছে৷
  • ওদালগুৰি জিলাত ইউপিপিএল ৪, বিপিএফ ২ আসনত আগবাঢ়ি আছে৷
  • পোষ্টেল বেলটত ৪০ খন আসনৰ ইউপিপিএল ১১, বিপিএফ ৬ আৰু বিজেপি ২ আসনত আগবাঢ়ি আছে৷

দূপৰীয়া ১২ বজাৰ ফলাফল : 

  • কোকৰাঝাৰ জিলাত ইউপিপিএল ৫, বিপিএফ ৫, বিজেপি ১ আৰু কংগ্ৰেছ মিত্ৰজোঁটে ১ আসনত আগবাঢ়ি আছে৷
  • চিৰাং জিলাত ইউপিপিএল ৬, বিপিএফ ১ আসনত আগবাঢ়ি আছে৷
  • বাক্সা জিলাত ইউপিপিএল ৬, বিজেপি ২ বিপিএফ ১ আৰু  অন্যান্যই ২ আসনত আগবাঢ়ি আছে৷
  • ওদালগুৰি জিলাত ইউপিপিএল ৬, বিপিএফ ১ আৰু বিজেপি ৩ আসনত আগবাঢ়ি আছে৷
  • ৪০ খন আসনৰ ইউপিপিএল ২৩, বিপিএফ ৯, বিজেপি ৫, কংগ্ৰেছ মিত্ৰজোঁটে ১ আৰু  অন্যান্যই ২ আসনত আগবাঢ়ি আছে৷

আবেলি ২-৩০ বজাৰ ফলাফল : 

  • কোকৰাঝাৰ জিলাত ইউপিপিএল ৪, বিপিএফ ৪, বিজেপি ৩ আৰু কংগ্ৰেছ মিত্ৰজোঁটে ১ আসনত আগবাঢ়ি আছে৷
  • চিৰাং জিলাত ইউপিপিএল ৪, বিপিএফ ১ আৰু বিজেপি ২ আসনত আগবাঢ়ি আছে৷
  • বাক্সা জিলাত ইউপিপিএল ৬, বিজেপি ২ বিপিএফ ১ আৰু  অন্যান্যই ২ আসনত আগবাঢ়ি আছে৷
  • ওদালগুৰি জিলাত ইউপিপিএল ৭, বিপিএফ ১ আৰু বিজেপি ২ আসনত আগবাঢ়ি আছে৷
  • ৪০ খন আসনৰ ইউপিপিএল ২১, বিপিএফ ৭, বিজেপি ১০, কংগ্ৰেছ মিত্ৰজোঁটে ১ আৰু  অন্যান্যই ১ আসনত আগবাঢ়ি আছে৷
  • ২৪ নং মুছলপুৰ (এচ টি) সমষ্টিত বিপিএফৰ প্ৰাৰ্থী অংশুমৈ খুংগুৰ বড়োৱে লাভ কৰে ৪৭৩৪ টা ভোট, ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই লাভ কৰে ৫৫৬৫  টা ভোট, গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী খনীন ডেকাই লাভ কৰে ৩৩৭৪ টা  ভোট।
  • ২২নং কোকলাবাৰী সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে লাভ কৰে ৪৪৫৮ টা ভোট, গণ সুৰক্ষা পাৰ্টীৰ প্ৰাৰ্থী মৃদুল দাসে লাভ কৰে ১০,১৮০ টা ভোট আৰু বিপিএফৰ প্ৰাৰ্থী ধীৰেন বড়োয়ে লাভ কৰে ২৮২৭ টা ভোট।
  • প্ৰথম ৰাউণ্ডৰ অন্তত ২০ নং মথনগুৰি (মুক্ত) পৰিষদীয় সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী শাজাহান আলী আহমেদে লাভ কৰে ৪৯৫ টা ভোট, বিপিএফৰ প্ৰাৰ্থী বেগম আকতাৰাই লাভ কৰে ১৭৫৫ টা ভোট, বিজেপৰ প্ৰাৰ্থী গৌতম দাসে লাভ কৰে ৩৮০৮ টা ভোট আৰু নিৰ্দলীয় প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীয়ে লাভ ১৯২৯ টা ভোট৷ 
  • তামুলপুৰৰ ভোট গণনা কেন্দ্ৰত উত্তপ্ত পৰিস্থিতি। কাৰ্ড নোহোৱাকৈ বিজেপি কৰ্মী দিনেশ কলিতাই ভোট গণনা কেন্দ্ৰত প্ৰৱেশ কৰাৰ পিছতে উত্তপ্ত হৈ পৰে পৰিস্থিতি।
  • তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছে বি পি এফ প্ৰধান হাগ্ৰামা মহিলাৰী। এইবেলি দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা মহিলাৰী দুয়োটা সমষ্টিতে পিছ পৰি আছে। দুপৰীয়া ১২.২০বজালৈ সম্পূৰ্ণ হোৱা ভোটগণনাত দেৱঁৰগাঁও আৰু কচুগাঁৱ সমষ্টিত বিৰোধীয়ে ভোটযুদ্ধত চেৰ পেলাই গৈছে মহিলাৰীক। দ্বিতীয় ৰাউণ্ডৰ ভোটগণনাৰ শেষতো পিছ পৰি আছে হাগ্ৰামা।
  • কচুগাঁৱত হাগ্ৰামা মহিলাৰী ৩১টা ভোটত পিছ পৰি থকাৰ লগতে দেঁৱৰগাঁৱত ১৫৪৩৮টা ভোটত পিছ পৰি আছে মহিলাৰী। ইফালে দুটাকৈ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰা UPPLৰ নেতা প্ৰমোদ বড়ো এটা সমষ্টিত অগ্ৰগতি লাভ কৰি থকাৰ বিপৰীতে আনটো সমষ্টিত পিছ পৰি আছে। বৰ্তমানলৈ ২০ৰো অধিক আসনত অগ্ৰগতি লাভ কৰি আছে UPPL দলে।
  • দ্বিতীয় ৰাউণ্ডৰ অন্তত ৩৬নং হৰিশিঙা সমষ্টিত বি পি এফয়ে লাভ কৰে ৩০২০ টা, বিজেপিয়ে লাভ কৰে ১৭২৮ টা,  ইউপিপিএল য়ে লাভ কৰে ৩১৪৫ টা ভোট৷
  • পঞ্চম ৰাউণ্ডতো দেৰগাৱঁত ২৬৭৬ টা ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী৷ 
  • ২০ নং মথনগুৰি পৰিষদীয় সমষ্টিত দ্বিতীয় ৰাউণ্ডৰ অন্তত বিপিএফে ৪০৮৩ টা, বিজেপিয়ে ৬৭৪৬ টা, ইউপিপিএলে ১৪৩৩ টা, কংগ্ৰেছ-এআইইউডিএফ মিত্ৰজোঁটে ২৬০৪ টা আৰু নিৰ্দলীয় প্ৰাৰ্থী মাখন স্বৰ্গীয়াৰীয়ে ৩৫০০ টা ভোট লাভ কৰে৷
জয়-পৰাজয়
  • চিৰাংদুৱাৰত ইউপিপিএলৰ বি আৰ ফেৰংগাৰ বিজয়৷ পৰাস্ত বিপিএফৰ খাম্ফা বৰগয়াৰী৷ 
  • কাজলগাঁৱত বিপিএফৰ প্ৰাৰ্থী পানীৰাম ব্ৰহ্মৰ জয়৷ ইউপিপিএলৰ ৰণগৌড়া বসুমতাৰী পৰাস্ত৷
  • ছুপাইঝাৰত জয়লাভ বিপিএফৰ প্ৰভাত বসুমতাৰীৰ৷ 
  • নিচিমাত জয়লাভ বিপিএফৰ জেমচ বসুমতাৰীৰ৷
  • মানস চেৰফাঙত বিপিএফৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ জয়লাভ৷
  • চিৰাঙত ইউপিপিএলৰ বি ছাউৰাইগ্ৰাৰ জয়লাভ৷
  • ভৈৰৱকুণ্ডত ইউপিপিএলৰ প্ৰাৰ্থী গোবিন্দ বসুমতাৰীৰ জয়লাভ৷
  • পাচনৈ চেৰফাঙত বিজেপি প্ৰাৰ্থী দীপক মৌড়ৰ বিজয়৷
  • ৰৌতাত ইউপিপিএলৰ প্ৰাৰ্থী ডঃ নিতুল স্বৰ্গীয়াৰীৰ জয়লাভ৷
  • থুৰীবাৰীত বিজেপিৰ প্ৰাৰ্থী অভিৰাম মহানায়কৰ জয়লাভ৷
  • মুদৈবড়ীত বিজেপিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাৰ জয়লাভ৷
  • পৰ্বতঝোৰাত বিপিএফৰ প্ৰাৰ্থী মুনমুন ব্ৰহ্মৰ জয়লাভ৷ ৭৭৭৬ টা ভোটত পৰাজিত কৰিলে ইউপিপিএলৰ প্ৰাৰ্থী৷
  • হৰিশিঙাত ইউপিপিএলৰ প্ৰাৰ্থী সঞ্জয় স্বৰ্গীয়াৰীৰ জয়লাভ৷
  • নাগ্ৰীজুলিত বিজেপিৰ প্ৰাৰ্থী ধৰ্ম নাৰায়ন দাসৰ জয়লাভ৷ 

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি