Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 2:05 pm

Home » আঞ্চলিক » অসম » ধ্ৰুবজ্যোতি ডেকা- এজন গেলামাল দোকানীৰ পুত্ৰৰ এক চমকপ্ৰদ যাত্ৰা

ধ্ৰুবজ্যোতি ডেকা- এজন গেলামাল দোকানীৰ পুত্ৰৰ এক চমকপ্ৰদ যাত্ৰা


ছাবিনা ইয়াছমিন, গুৱাহাটী : 
খবৰৰ মাজত হেৰুৱাই যোৱা এনে এটা খবৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো, যিটো খবৰে আপোনাক সচাকৈয়েই অনুপ্ৰাণিত কৰি তুলিব৷ আপোনাক ভাবিবলৈ বাধ্য কৰাব যে উন্নতিৰ জখলা বগাবলৈ হলে আজিৰ শিশুসকল ইংৰাজী মাধ্যমতেই পঢ়িব লাগে নে? অসমীয়া তথা নিজ মাতৃভাষাত পঢ়াশুনা কৰি দেশ-বিদেশত সুনাম কঢ়িওয়াব নোৱাৰি নেকি? হয়, এনধৰেণই চিন্তা-চৰ্চাৰ মাজেৰে হাবাথুৰি খাই পৰা একাংশ অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজিৰ এই প্ৰতিবেদন- 
আমাৰ এই প্ৰতিবেদনৰ উদ্দেশ্য- নিজ মাতৃভাষা তথা অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীক অনুপ্ৰেৰণা দিয়া ৷ 
আমাৰ এই প্ৰতিবেদনৰ উদ্দেশ্য- আৰ্থিক দীনতাই যে উন্নতিৰ হেঙাৰ হব নোৱাৰে তাৰে এক অনন্য নিদৰ্শন৷ 
এজন গেলামাল দোকানীৰ পুত্ৰৰ এক চমকপ্ৰদ যাত্ৰা৷ নাম- ধ্ৰুবজ্যোতি ডেকা৷ অসমীয়া মাধ্যমৰ বিদ্যালয়তেই পঢ়া শুনা কৰি বৰ্তমান আমেৰিকা যুক্তৰাষ্টৰ কলম্বাছত কৰ্মৰত তেওঁ৷ গুৱাহাটী মহানগৰীৰ জ্যোতিকুছি লখৰাৰ প্ৰয়াত বীৰেন্দ্ৰ ডেকা আৰু শ্ৰীমতী চিত্ৰলেখা ডেকাৰ জেষ্ঠ পুত্ৰ তথা ডঃ বিশ্বজোতি ডেকা আৰু দীপজ্যোতি ডেকাৰ ককায়েক ধ্ৰুবজ্যোতি ডেকাই গুৱাহাটী আৰ্য পাঠশালাৰ পৰা ২০০০ চনত প্ৰাথমিক বৃত্তি পৰীক্ষাত গুৱাহাটী মহকুমাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল৷ সৰুৰে পৰা পঢ়া-শুনাত চোকা ধ্ৰুৱজ্যোতি ডেকাই ২০০৪ চনৰ ২৫ জানুৱাৰীত অনুষ্ঠিত হোৱা অৰুণোদয় প্ৰতিভা সন্ধানী পৰীক্ষাত কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সপ্তম শ্ৰেণীত অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ কটন কলেজিয়েটৰ পৰা ২০০৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চদশ স্থান লাভ কৰিছিল৷মেধাৱী ছাত্ৰ ধ্ৰুবজ্যোতি ডেকা আছিল অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান৷ ঘৰত নাছিল বিদ্যুৎ সংযোগ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই সদৌ অসম ছাত্ৰ সন্থাই ঘৰত বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি দিছিল৷ উচ্চ শিক্ষাৰ বাবে নাছিল পৰ্যাপ্ত ধন তথা সা-সুবিধা৷ সহায় বিচাৰি অসম চৰকাৰৰ ওচৰত আবেদন কৰিছিল যদিও চৰকাৰে জনোৱা নাছিল কোনো সহাঁৰি৷ পৰৱৰ্তী সময়ত ভাৰতীয় ষ্টেট বেংকৰ পৰা লাভ কৰা জলাপানিৰ সহায়ত কটন কলেজত বিজ্ঞান শাখাত নামভৰ্তি কৰে আৰু ২০০৯ চনত ৰসায়ন বিজ্ঞানত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰসহ বিজ্ঞান শাখাত ষষ্ঠ স্থান লাভ কৰিবলৈ সক্ষম হৈছিল৷ 
তাৰ পিছতেই আৰু পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল ধ্ৰুৱজ্যোতি ডেকাৰ৷ কৰ্ণাটকৰ National Institute of Technologyৰ পৰা Chemical Engineeringত বি. টেক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়৷ তাৰ পিছতেই ঢাপলি মেলিলে বিদেশলৈ৷ আমেৰিকা যুক্তৰাষ্টৰ OHIO State University, Columbusৰ পৰা ২০২০ বৰ্ষত Development of catalyst for CO2 Reduction শীৰ্ষক গৱেষণাৰ বাবে সন্মানীয় ডক্টেৰট ডিগ্ৰী লাভ কৰা ধ্ৰুবজ্যোতি ডেকাই সম্প্ৰতি OAK Ridge National Laboratoryত Post Doctoral Research Associate হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ব্যক্তি হিচাপে কৰ্মৰত৷
শিক্ষাৰ্থী অৱস্থাৰ পৰাই একাধিক বঁটা তথা সন্মান বুটলিবলৈ সক্ষম হয়৷ ইয়াৰে ভিতৰত- 
1.২০০৯ চনত Assam State Chemistry Olympiad Gold Medal. 
2.২০১৩ চনত কৰ্ণাটকৰ National Institute of Technologyৰ পৰা Mohan V Hosur আৰু Department of Chemical Engineering Gold Medal. 
3.২০১৫ চনত OHIO State University, Columbusৰ পৰা Louis A Roberts and Lusille Roverts Memorial Fellowship. 
4.২০১৬ চনত OHIO State University, Columbusৰ পৰা Outstanding Graduate Student Award আৰু The Brodkey Award. উল্লেখযোগ্য৷

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি