| | |

হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে আৱেদন দাখিল

 বিটিচি নিৰ্বাচনৰ পূৰ্বে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত আৱেদন দাখিল হাগ্ৰামা মহিলাৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে আৱেদন দাখিল।হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ২ হাজাৰ কোটি টকাৰ দুৰ্নীতিৰ অভিযোগ।ইউপিপিএলে এক সংবাদমেলযোগ এই কথা সদৰী কৰে।গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা হৈছে আৱেদন। যোৱা ১৭ বছৰত বিটিচিত হাগ্ৰামা মহিলাৰীয়ে সংঘটিত কৰা দুৰ্নীতি-অপশাসনৰ বিৰুদ্ধে দাখিল কৰা এই এই আৱেদনক আদৰণি জনাই ইউপিপিএলে। উল্লেখ্য যে, এই আৱেদন দাখিল কৰিছে অধিবক্তা নৰপাতি ব্ৰহ্ম আৰু সমাজকৰ্মী ৰঞ্জন কুমাৰ বৰুৱাই।

| | |

ক’ভিড পজিটিভ হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ৱিজ

আম্বালা : পৰীক্ষামূলকভাৱে ক’ভিড প্ৰতিষেধক লোৱাৰ পাছতো ক’ভিড পজিটিভ চিনাক্ত হ’ল হাৰিয়ানাৰ গৃহমন্ত্ৰী অনিল ৱিজ। এই বাতৰি পোহৰলৈ অহাৰ পাছত আন এক প্ৰশ্ন চিহ্নৰ সৃষ্টি হ’ব পাৰে দেশত পৰীক্ষা চলাই থকা ক’ভিড প্ৰতিষেধকক লৈ। শনিবাৰে পুৱা গৃহমন্ত্ৰী ৱিজে টুইটযোগে তেওঁ ক’ভিড পজিটিভ চিনাক্ত হোৱাৰ কথা সদৰী কৰিছে। ৬৭বছৰীয়া ৱিজক আম্বালাৰ চিভিল হাস্পতালত ভৰ্তি কৰোঁৱা হৈছে আৰু তেওঁ নিজৰ সংস্পৰ্শলৈ অহা লোকসকলক পৰীক্ষা কৰোঁৱাবলৈ আহ্বান জনাইছে। উল্লেখ্য যে, ২০ নৱেম্বৰত হাৰিয়ানাৰ গৃহমন্ত্ৰীগৰাকীয়ে ভাৰত বায়’টেকে পৰীক্ষা চলাই থকা কোভাক্সিন প্ৰতিষেধকৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ অংশ হিচাপে এপালি প্ৰতিষেধক গ্ৰহণ কৰিছিল। তেওঁ নিজকে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা ৰাজ্যখনৰ প্ৰথমজন স্বেচ্ছাসেৱক বুলিও দাবী কৰিছিল। পিছে প্ৰতিষেধক গ্ৰহণৰ পাছতো তেওঁ কৰ’নাত আক্ৰান্ত হোৱাটোৱে প্ৰতিষেধকবিধৰ কাৰ্যকাৰীতাৰ ওপৰত