Weather Data Source: wetter Bangalore 14 tage

June 14, 2025 1:31 pm

Home » আঞ্চলিক » অসম » আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে বেচৰকাৰী সংস্থা লিগেল ৰাইটছ অবজাৰভেটৰীৰ অভিযোগ

আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে বেচৰকাৰী সংস্থা লিগেল ৰাইটছ অবজাৰভেটৰীৰ অভিযোগ

 সন্ত্ৰাসবাদৰ ধনেৰে চলি আছে আজমল ফাউণ্ডেচন!  

এই বিতৰ্ক সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰত চৰকাৰে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব।আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক ভয়ংকৰ অভিযোগ। বিশ্বজুৰি সন্ত্রাস সৃষ্টি কৰা কেইবাটাও দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰে সম্পৰ্কিত বিদেশী সংস্থাৰ পৰা আজমল ফাউণ্ডেচনে পুঁজি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ এটা বেচৰকাৰী সংস্থাই আজমল ফাউণ্ডেচনৰ বিৰুদ্ধে প্রকাশ কৰিছে এই বিস্ফোৰক তথ্যসমূহ৷ ফৰেইন কন্ট্ৰিবিউচন ৰেগুলেচন এক্ট ভংগ কৰি বিগত সময়ছোৱাত আজমল ফাউণ্ডেচনে এই বিদেশী পুঁজিৰ অপব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছে৷

টুইটাৰযোগে লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ সংগঠনটোৱে প্রকাশ কৰা তথ্য অনুসৰি, আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত আই এইচ এইচ–ইনচানি ইয়াৰডিম ভাক্ফি, গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্ট, আল–ইমদাদ ফাউণ্ডেচন আৰু মুছলিম এইড নামৰ সংগঠনৰ পৰা পুঁজি লাভ কৰি আহিছে৷ এই সংগঠনসমূহে বিভিন্ন সময়ত কেইবাটাও সন্ত্রাসবাদী সংগঠনক ধন যোগান ধৰিছিল বুলিও প্রকাশ কৰা হৈছে৷ টুইটাৰত বেচৰকাৰী সংস্থাটোৱে সদৰী কৰা অনুসৰি, উম্মাহ ৱেলফেয়াৰ ট্রাষ্টৰ বিৰুদ্ধে ইতিমধ্যে আল আৰবীয়া নামৰ এখন বাতৰিকাকতে সংবাদ প্রকাশ কৰিছিল৷

তেওঁলোকে প্রকাশ কৰা অনুসৰি গ্রেট ব্রিটেইনৰ উম্মাহ ৱেলফেয়াৰ ট্রাষ্টক সন্ত্রাসবাদী সংগঠন হিচাপে ঘোষণা কৰিছিল ইউ এছ ট্রেজাৰীয়ে৷ সমান্তৰালভাৱে তুৰস্কৰ ইনচানী য়াৰদিম ভাক্ফি নামৰ সংস্থাটো আল–কায়দা আৰু আন্তর্জাতিক জেহাদী নেটৱর্কৰ সৈতে প্রত্যক্ষভাৱে জড়িত থকা বুলি বিশ্বৰ কেইবাটাও চৰকাৰী সংস্থা, সংবাদ গোষ্ঠীয়ে উল্লেখ কৰিছিল৷ ইফালে, আজমল ফাউণ্ডেচনলৈ বৰঙণি আগবঢ়োৱা আন এটা বিদেশী সংস্থা গ্রেট ব্রিটেইনৰ মুছলিম এইডৰ কাশ্মীৰী সন্ত্রাসবাদী সংগঠন হিজবুল মুজাহিদীনৰ সৈতে প্রত্যক্ষভাৱে সম্পর্ক থকা বুলি সর্বজনবিদিত৷ আনহাতে, বিশ্বজুৰি ত্রাস সৃষ্টি কৰা হামাচ নামৰ সন্ত্রাসবাদী সংগঠনটোৰ সৈতে প্রত্যক্ষ সম্পর্ক থকা আল–ইমদাদ ফাউণ্ডেচনেও বৰঙণি আগবঢ়াই আহিছে আজমল ফাউণ্ডেচনলৈ৷ লিগেল ৰাইটছ অবজাৰভেটৰীয়ে প্রকাশ কৰা তথ্য অনুসৰি ইজৰাইলৰ বিৰুদ্ধে পেলেষ্টাইনত কেইবাটাও আত্মঘাতী বোমা বিস্ফোৰণৰ সৈতে এই সন্ত্রাসবাদী সংগঠনটো জড়িত আছিল৷

তদুপৰি আজমল ফাউণ্ডেচনে বিগত সময়ছোৱাত শিক্ষাৰ ক্ষেত্রত কাম কৰাৰ বাবে ৬৯.৫৫ কোটি টকা লাভ কৰিছিল৷ ইয়াৰে মাত্র ২.০৫ কোটি টকাহে শিক্ষাৰ নামত আজমল ফাউণ্ডেচনে ব্যয় কৰিছে বুলি টুইটাৰত প্রকাশ কৰিছে লিগেল ৰাইটছ অবজাৰভেটৰীয়ে৷

এই বিস্ফোৰক অভিযোগ উত্থাপনৰ পাছতে স্বাভাৱিকতেই সৃষ্টি হৈছে ব্যাপক প্রতিক্রিয়া৷ কিয়নো দীর্ঘসময় ধৰি আজমল ফাউণ্ডেচনে ৰাজ্যৰ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্রখনত বিভিন্ন কাম কৰি আহিছে৷ বিশেষকৈ ছাত্র–ছাত্রীৰ অধ্যয়নৰ ব্যয়, আর্তজনৰ চিকিৎসা ব্যয় আদিৰ বাবে আজমল ফাউণ্ডেচনে প্রদান কৰি আহিছে ধন৷

এই বিতৰ্ক সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে ভাৰত চৰকাৰে তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব। আনহাতে সংবাদমাধ্যমৰ আগত বদৰুদ্দিন আজমলে প্ৰকাশ কৰে যে, বিদেশৰ কথা তেওঁলোক জ্ঞাত নহয় কিন্তু ভাৰতত বে–আইনী কাম হোৱা নাই আৰু কাৰোবাৰ কিবা আপত্তি থাকিলে দাখিল কৰিব পাৰে। আজমল ফাউণ্ডেচনে বিদেশী পূঁজিৰ ক্ষেত্ৰত কোনো নিয়ম ভংগ কৰা নাই।

Share Now

Facebook
X
WhatsApp
Telegram

Leave a Reply

Your email address will not be published. Required fields are marked *

আজিৰ দিনটো

News Alert

দিনটোৰ মন্তব্য)

PMO INDIA

A high level meeting was chaired by PM
@narendramodi
at 7, Lok Kalyan Marg. Those who attended the meeting included Defence Minister
@rajnathsingh
, NSA Ajit Doval, CDS General Anil Chauhan, armed forces chiefs and senior officials.

Rajnath Singh

Tributes to Gurudev Rabindranath Tagore on his Jayanti. He was an epitome India’s cultural and spiritual heritage. His timeless words and vision continue to inspire generations. We remember him with deep respect and gratitude.

মতামত
Are You Satisfied Sangbad Prahari
ইতিহাসত আজি
নামজৰ সময়সূচী
ৰাশিফল
আঁকিবুকি