| | |

জিতেন্দ্ৰ সিঙৰ সন্মুখতে ৰূপজ্যোতিয়ে বিচাৰিলে কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন

 জিতেন্দ্ৰ সিঙৰ সন্মুখতে ৰূপজ্যোতিয়ে বিচাৰিলে কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন, জীতেন্দ্ৰ সিঙে ক’লে – সাংবাদিকৰ প্ৰশ্নৰ জালত ভৰি দি ৰূপজ্যোতিয়ে কয় এনে কথা মৰিয়নীৰ বিধায়কগৰাকীয়ে সহজেই সাংবাদিকৰ প্ৰশ্নৰ জালত ভৰি দি এনে পৰিস্থিতিৰ সৃষ্টি কৰে বুলি মন্তব্য দিয়ে সিঙে।অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰ পৰিৱৰ্তন বিচাৰিছিল মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে। APCCৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিং উপস্থিত থকা অৱস্থাতে এই মন্তব্য কৰি চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে। ৰূপজ্যোতি কুৰ্মীৰ বাবে এয়া কোনো নতুন কথা নহয়। অসমৰ প্ৰায়বোৰ সাম্প্ৰতিক ৰাজনৈতিক ঘটনাৰ ওপৰত ৰূপজ্যোতিয়ে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সংবাদ মাধ্যমত। কিন্তু এইবাৰৰ পৰিস্থিতি আছিল কিছু সুকীয়া। কাৰণ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তত্বাৱধায়কগৰাকী অসমত উপস্থিত হোৱাৰ পিছতে ৰূপজ্যোতি কুৰ্মীয়ে উত্থাপন কৰিছিল এই দাবী। সোমবাৰে ৰূপজ্যোতি কুৰ্মীৰ এই মন্তব্য সন্দৰ্ভত

| |

কোনো কাৰণতেই মিঞা মিউজিয়াম মানি লোৱা নহ’ব :পীযূষ হাজৰিকাই

 বিধায়ক শ্বেৰমান আলীক সকীয়ালে পীযূষ হাজৰিকাই – ভৱিষ্যতে নক’ব এনেকুৱা কথা বিধায়ক শ্বেৰমান আলীয়ে মিঞা মিউজিয়ামৰ সম্পৰ্কত বাহিৰত যিমানেই চিঞৰ–বাখৰ নকৰক কিয় বিধান সভাৰ মজিয়াত মিঞা মিউজিয়ামৰ বিষয়ে কোনো মন্তব্য কৰিবলৈ সুবিধা দিয়া নহ’ব ৷ এই মন্তব্য ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযূষ হাজৰিকাৰ। সোমবাৰে নগাঁৱৰ কন্দলী শগুনবাহী চাহ বাগানত বিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি শ্বেৰমান আলী সন্দৰ্ভত সাংবাদিকক এইদৰে মন্তব্য কৰে পীযূষ হাজৰিকাই। পীযূষ হাজৰিকাই কয় – কোনো কাৰণতেই মিঞা মিউজিয়াম মানি লোৱা নহ’ব। আনহাতে, পুনৰ মিঞা মিউজিয়ামৰ বিষয়ে কোনো কথা ক’বলৈ সাহস নকৰিবলৈও বিধায়ক শ্বেৰমান আলীক সকীয়াই দিয়ে মন্ত্ৰী পীযূষ হাজৰিকাই৷ উল্লেখযোগ্য যে বিগত কেইটামান দিন ধৰি ৰাজ্য চৰকাৰৰ চাহ বাগিচা অঞ্চলত ১১৯খন বিদ্যালয় নিৰ্মাণৰ চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰি

| |

ৰকিবুল-প্ৰদ্যুত্ বৰদলৈপন্থীৰ মাজত হতাহতি

 নগাঁও : সাতদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা অসম প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত পৰ্যবেক্ষক জিতেন্দ্ৰ সিং সোমবাৰে নগাঁৱত উপস্থিত হয়। জিতেন্দ্ৰ সিঙক নগাঁৱৰ ৰাজীৱ ভৱনত উষ্ম আদৰণি জনোৱাৰ সময়তে পথতে দুই পক্ষৰ মাজত সৃষ্টি হয় হতাহতৰ।  বিধায়ক ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ সমৰ্থকৰ মাজত হতাহতি লাগে।  দুই মেৰুত বিভাজিত নগাঁও জিলা কংগ্ৰেছত কিছু সময়ৰ বাবে তীব্ৰতৰ হৈ পৰে অন্তঃকন্দল৷ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু সাংসদ প্ৰদ্যুৎ বৰদলৈ পন্থীৰ মাজত লগা এই হতাহতিক কেন্দ্ৰ কৰি কিছুসময়ৰ বাবে উত্তপ্ত হৈ পৰে নগাঁও কংগ্ৰেছ কাৰ্যালয়ৰ চৌহদ৷  পৰৱৰ্তী সময়ত সাংসদ প্ৰদ্যুৎ বৰদলৈ উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ ইফালে জিলা কংগ্ৰেছ কাৰ্যালয়ৰ চৌহদত প্ৰদ্যুৎ বৰদলৈপন্থীয়ে ৰকিবুল হুছেইন গ’বেগ ধ্বনি দিয়া বুলি জানিব পৰা গৈছে৷ 

| | | |

গো মাফিয়া হজৰত মাষ্টৰৰ দ্বিতীয় অধ্যায়

হাত দীঘল মানকাচৰৰ হজৰত মাষ্টৰ  পত্নীৰ নামত গৰুৰ ফাৰ্ম খুলি চলাইছে গৰুৰ অবৈধ বেহা  আন্তঃৰাষ্ট্ৰীয় এই কুখ্যত চৰকাৰী শিক্ষক হজৰত মাষ্টৰৰ আছে এক দীঘলীয়া কলংকিত অধ্যায়। সংবাদ প্ৰহৰীৰ প্ৰথমটো প্ৰতিবেদনত দাঙি ধৰিছিলো কিছু পাতনি৷ পিছত সংবাদ প্ৰহৰীৰ কাৰ্যালয়লৈ ফোন কৰি দিয়া স্পষ্টীকৰণতো নিজেই ফাদিল কৰিছে কেতবোৰ গোপনীয় তথ্য৷ বছৰি লাখ লাখ টকা কৰ ফাঁকিৰে চলাইছে এই অবৈধ বেহা৷ পত্নীৰ নামত ‘পায়নিয়াৰ লাইভ ষ্টক’ নামৰ ফাৰ্ম খুলি বাংলাদেশলৈ গৰু চালান দি আহিছে এইগৰাকী শিক্ষকে। বক্ৰ পথেৰে টকা উপাৰ্জন কৰি কমিচন দি থকা হজৰত মাষ্টৰ চৰকাৰী বিষয়া, আৰক্ষী বিষয়া আৰু মন্ত্ৰী-বিধায়কৰ আশীষধন্য৷ সেয়ে নীৰৱ সকলো। অৱশ্যে সৰ্বশিক্ষা শিক্ষা আচনিৰ গৃহ নিৰ্মাণ, শিক্ষাৰ্থীৰ ইউনিফৰ্মৰ সমুদায় ধান আত্মসাৎ কৰি ৰঙা ঘৰৰ আলহীও হৈছিল হজৰত

| | |

চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স হ’ব ৫০-৫৫, অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাত দেখুৱাই চাকৰিৰ পৰা কৰিব অপসাৰণ

চৰকাৰী কৰ্মচাৰীৰ অৱসৰৰ বয়স হ’ব ৫০-৫৫, অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাত দেখুৱাই চাকৰিৰ পৰা কৰিব অপসাৰণ । বিত্ত বিভাগে দিলে অনুমোদন। মাত্ৰ আনুষ্ঠানিকতাহে বাকী। কেন্দ্ৰীয় চৰকাৰৰ ব্যয় সংকোচন নীতিৰ আলম লৈ ৰাজ্য চৰকাৰে হাতত লৈছে কৌশলী পদক্ষেপ। অদক্ষতা, অকৰ্মণ্যতাৰ অজুহাত দেখুৱাই  ৰাজ্য প্ৰশাসনৰ পৰা বৃহত্‍ সংখ্যক বিষয়া-কৰ্মচাৰীক অপসাৰণ কৰিবলৈ সাজু হৈছে ৰাজ্য চৰকাৰে।  ইতিমধ্যে এই সন্দৰ্ভত বিত্ত বিভাগে দিছে অনুমোদন। ইয়াৰ পৰৱৰ্তী সময়ত সংশ্লীষ্ট দুটা বিভাগৰ অনুমোদন পালেই  অহা বছৰ এপ্ৰিল, মে’ মাহৰ পৰা আৰম্ভ হ’ব চৰকাৰী কৰ্মচাৰীৰ ছাটাই অভিযান। চৰকাৰৰ যিসমূহ বিভাগত অপ্ৰয়োজনীয় পদ আছে, আৰু সেই পদসমূহত কাৰ্যনিৰ্বাহ কৰি থকা কৰ্মচাৰীক আগতীয়াকৈ চৰকাৰে অৱসৰ দিয়াৰ ব্যৱস্থা কৰিব।কেন্দ্ৰীয় চৰকাৰৰ দৰে ৰাজ্য চৰকাৰেও এ, বি, চি গ্ৰুপৰ বিষয়া-কৰ্মচাৰীৰ সততা, দক্ষতা আদি দিশ পৰ্যালোচনা

| | | |

মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই :বিধায়ক আলী আকবৰ মিঞা

 মই প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা, মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব, মিঞা চাহাব বুলি সম্বোধন কৰিব’মিঞাৰ অৰ্থ সন্মানীয় বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই। ‘মই বিলাসীপাৰা পশ্চিম সমষ্টিৰ দুবাৰৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞা। মোক মিঞা বুলি নামাতিব, কথা বেয়া হৈ যাব। মিঞা চাহাব বুলি সম্বোধন কৰিব।’’ – মিঞা বিতৰ্কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এনেদৰে ক’লে অসম গণ পৰিষদৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই। মিঞাৰ অৰ্থ সন্মানীয় বুলি উল্লেখ কৰি প্ৰাক্তন বিধায়ক গৰাকীয়ে কয় যে মিঞা উপাধিৰে অসম বিধানসভালৈ নিৰ্বাচিত একমাত্র বিধায়ক ময়েই। মিঞাক লৈ ইতিকিং নকৰিব।১৯৯৬ চনতে অসম বিধানসভাত মিঞা বুলি নামাতিবলৈ শাসক–বিৰোধীৰ বিধায়কক সকীয়াই থৈছিল

| | | |

মিজো দুষ্কৃতিকাৰীৰ কৱলত অসমীয়া !

কাছাৰ : কাছাৰ জিলাৰ অসম মিজোৰাম সীমান্তৰ লায়লাপুৰ প্ৰেসনগৰৰ ইনতাজ আলী নামৰ এজন লোকক অপহৰণ কৰি লৈ যায় মিজো দুষ্কৃতিকাৰীয়ে৷ জানিব পৰা মতে যোৱা দেওবাৰে দুপুৰীয়া ইনতাজ আলী নামৰ লোকজন সীমান্তৰ এখন জংঘলত বাঁহ কাটিবলৈ যোৱা অৱস্থাত এদল মিজো দুষ্কৃতিকাৰীয়ে ইনতাজ আলীক অপহৰণ কৰি লৈ যায়৷ আলীৰ পৰিয়ালৰ লোকে সন্ধান নাপাই খবৰ লোৱাৰ পাছত অপহৰণৰ কৰা হৈছে বুলি এজন মিজো লোকৰ পৰা জানিব পাৰে৷ ইয়াৰ পাছতে হোৱাটছ এপযোগে ইনতাজ আলীক গুৰুতৰ আঘাতপ্ৰাপ্ত অৱস্থাত অজ্ঞাত ৰূপত  পেলাই ৰখা হৈছে৷  এই ফটো পোৱাৰ পাছতে ইনতাজ আলীৰ পৰিয়ালৰ লোক সকলে লায়লাপুৰ আৰক্ষী চকীত এক গোচৰ ৰুজু কৰিছে৷ এই ঘটনাৰ পিছত সীমান্ত অঞ্চলত পুনৰ উত্তেজনা বিৰাজ কৰাৰ লগতে সৃষ্টি হৈছে এক আতংকৰ৷ উল্লেখ যোৱা